আজি পঞ্চম দিনাও কোকৰাঝাৰৰ লুংচুং বনাঞ্চলত আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুগৰাকীকৈ যুৱকক লৈ প্ৰতিবাদত উত্তাল হৈ আছে বিটিআৰৰ সদৰ কোকৰাঝাৰ। আজি বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতি এবছুৰ সহযোগত এই সংঘৰ্ষৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তোলে চহৰখনৰ আকাশ–বতাহ।
কোকৰাঝাৰ চহৰৰ জেডি ৰোডস্থিত বডোফা শিশু উদ্যান প্ৰাংগণত পুৱা এঘাৰ বজাৰ পৰা দুপৰীয়া এক বজালৈ উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত নিখিল বড়ো ছাত্র সন্থাৰ লগতে বড়ো সাহিত্য সভা , বিটিআৰ নাথ যোগী ছাত্র সন্থা, ৰাভা ছাত্ৰ সন্থা, বিটিআৰ সূত্ৰধৰ সন্মিলনী, বড়ো সমাজ, ট্ৰাইবেল সংঘ, বেংগলী যুৱ ছাত্র ফেডাৰেচনকে ধৰি কুৰিতকৈও অধিক সংগঠনে অংশগ্ৰহণ কৰে।
ইফালে প্ৰতিবাদী আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা এবছুৰ সভাপতি দীপেন বড়ো, বিটিআৰ নাথ-যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ নাথ আৰু বিটিআৰ সূত্ৰধৰ সন্মিলনীৰ নেতা অমূল্য সূত্ৰধৰে এয়া আৰক্ষীৰ দ্বাৰা সৃষ্ট ভুৱা সংঘৰ্ষ আৰু এনে ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ঘটনাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে৷
আনপিনে শান্তি ঘূৰি অহা বিটিআৰত এনেধৰণৰ ঘটনাৰে শান্তিৰ পৰিৱেশ বিঘ্নিত কৰা তথা সশস্ত্ৰ কাৰ্যকলাপ পৰিহাৰ কৰি শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰিবলৈ নেতাত্ৰয়ে আহ্বান জনাইছে৷ অৱস্থান প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী এবছু নেতা-কৰ্মী, সদস্যসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি ভুৱা সংঘৰ্ষ বন্ধ কৰক, কোকৰাঝাৰ আৰক্ষী হায় হায়, উই ৱান্ট জাষ্টিচ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷
ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে কোকৰাঝাৰ জিলা উপায়ুক্তৰ সহয়োগত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷ প্ৰণিধানযোগ্য যে কাইলৈ কোকৰাঝাৰলৈ এই ঘটনাৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে মানৱ অধিকাৰ আয়োগৰ এটা প্ৰতিনিধিৰ দল আহিব বুলি জানিব পৰা গৈছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|