ছাত্ৰ সংগঠন এৰি সক্ৰিয় ৰাজনীতিলৈ প্ৰমোদ বড়ো! কোন হ’ল এবছুৰ নতুন সভাপতি?

News18 Assam | News18-Assam
Updated:February 13, 2020, 7:41 AM IST
ছাত্ৰ সংগঠন এৰি সক্ৰিয় ৰাজনীতিলৈ প্ৰমোদ বড়ো! কোন হ’ল এবছুৰ নতুন সভাপতি?
বৃহস্পতিবাৰে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব।

বৃহস্পতিবাৰে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব।

  • Share this:
প্ৰাক্তন ছাত্ৰ নেতা হৈ পৰিল এবছুৰ সভাপতি প্ৰমোদ বড়ো। BTRৰ চুক্তিৰ পিছতে তেওঁৰ ঠাইত বুধবাৰে তামুলপুৰত অনুষ্ঠিত বিশেষ অধিৱেশনৰ প্ৰতিনিধি সভাই দ্বীপেন বড়োক এবছুৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।

সাধাৰণ সম্পাদক পদত পুণৰবাৰ লৰেন্স ইছলাৰীকে দায়িত্বত অৰ্পণ কৰা হৈছে। জানিব পৰা মতে, বিশেষ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীতে অৰ্থাৎ বৃহস্পতিবাৰে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব।

আৰু চাওক
পৰৱৰ্তী বাতৰি