‘বড়ো জাতি কাৰো শত্ৰু নহয়, আমাক মৰম কৰক, আমিও মৰম দিম’ : প্ৰমোদ বড়ো

News18 Assam | News18-Assam
Updated:January 28, 2020, 3:46 PM IST
‘বড়ো জাতি কাৰো শত্ৰু নহয়, আমাক মৰম কৰক, আমিও মৰম দিম’ : প্ৰমোদ বড়ো
‘অসমৰ টিভি চেনেলত UTC হ’ব বুলি কৈছিল, টায়াৰ জ্বলিছিল৷ কিন্তু চুক্তি হৈ গ’ল৷ ইয়াত হৰা-জিকাৰ কথা নাই৷ এয়া মানৱ জীৱন৷’ – মন্তব্য এবছুৰ সভাপতিগৰাকীৰ।

‘অসমৰ টিভি চেনেলত UTC হ’ব বুলি কৈছিল, টায়াৰ জ্বলিছিল৷ কিন্তু চুক্তি হৈ গ’ল৷ ইয়াত হৰা-জিকাৰ কথা নাই৷ এয়া মানৱ জীৱন৷’ – মন্তব্য এবছুৰ সভাপতিগৰাকীৰ।

  • Share this:
তৃতীয়খন বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰি আজি অসমত উপস্থিত হয় বড়ো নেতৃত্ব। বিমানবন্দৰৰ পৰা পোনে পোনে চিৰাঙৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে শান্তি চুক্তিত স্বাক্ষৰ কৰা বড়ো নেতৃত্বৰ লগতে আন বিষয়ববীয়াসকল।

চিৰাঙৰ বিশাল জনসভাত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে আমি কৰা চুক্তিক ৰাইজে স্বীকৃতি দিয়াত আমি ৰাইজৰ ওচৰত কৃতজ্ঞ৷ এই সফলতা ৰাইজৰ সফলতা৷ পৰেশ বৰুৱায়ো বড়ো ৰাইজক অভিনন্দন জনাইছে৷ আমি পৰেশ বৰুৱাকো ধন্যবাদ জনাইছো।

‘অসমৰ টিভি চেনেলত UTC হ’ব বুলি কৈছিল, টায়াৰ জ্বলিছিল৷ কিন্তু চুক্তি হৈ গ’ল৷ ইয়াত হৰা-জিকাৰ কথা নাই৷ এয়া মানৱ জীৱন৷ আমি মাইক লৈ চিঞৰিছো আমাৰ জাতিৰ কাৰণে৷ আপোনালোকেও চিঞৰক, নিজৰ কাৰণে৷ চিঞৰা মানেই আনক ভয় দেখুওৱা নহয়৷ সকলোৱে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰক।’ – মন্তব্য এবছুৰ সভাপতিগৰাকীৰ।

সভাত প্ৰমোদ বড়োৱে কয় – আমাৰ মূৰত টেগ লগোৱা হৈছিল, বড়ো উগ্ৰপন্থী৷ আমি উগ্ৰপন্থী টেগ লগোৱাটো ভাল নাপাওঁ৷ চুক্তিৰ পিছত সাংবাদিক বন্ধুসকলক আমি অনুৰোধ কৰিছো, বড়ো জাতিক আৰু বড়ো উগ্ৰপন্থী টেগ যাতে নলগায়।

‘চুক্তি হৈ গ’ল, এতিয়া চুক্তি আখৰে আখৰে পালন কৰাৰ দায়িত্ব চৰকাৰৰ। এই চুক্তিৰ জৰিয়তে আমাৰ অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীয়ে লাভান্বিত হ’ব৷ আমাৰ মাজত বিভেদ কমিব লাগে৷ আমি বড়ো জাতি কাৰো শত্ৰু নহয়৷ আমাক মৰম কৰক, আমিও মৰম দিম৷ এই চুক্তিত বিৰছা মুণ্ডা, বীৰ চিলাৰায়, ডঃ ভূপেন হাজৰিকাৰ নামত প্ৰকল্প নিৰ্মাণ হ’ব BTRত।’ – জনসভাত মন্তব্য প্ৰমোদ বড়োৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি