হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ ৫ নং দফা পুনৰ বিবেচনা কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু (ABSU)ৱে দাবী উত্থাপন কৰিছে । কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউছ (Bodofa House)ত আজি আয়োজিত এক সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে উচ্চ শিক্ষাৰ বাবে এখন মাৰ্কশ্বীট আৰু চাকৰিৰ বাবে আন এখন মাৰ্কশ্বীট পদ্ধতি কোনো কাৰণতে মানি লোৱা নহয়।
ফলাফল প্ৰতিবেদনৰ ৫ নং দফাই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ ভৱিষ্যত নমাই আনিব বুলি মন্তব্যৰে চৰকাৰৰ এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী , অভিভাৱক সকলোকে বিপাঙত পেলাইছে বুলি মন্তব্য কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।
যদিওবা অধিকাংশ ছাত্ৰ ছাত্ৰীৱে পৰীক্ষাত অবতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল কিন্ত কোভিড পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল আৰু দুখনকৈ উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ মৰ্মে চৰকাৰে ফলাফল ঘোষণাৰ যি প্ৰক্ৰিয়া বাহিৰ কৰিলে সেয়া ঠিকেই আছিল যদিও এজন ছাত্ৰৰ বাবে দুখন মাৰ্কশ্বীট কাহানিও গ্ৰহণযোগ্য নহয় ।
ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ কঢ়িয়াই নানিবলৈ আহ্বান জনাই দ্বীপেন বড়োৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ ৫ নং দফা পুনৰ বিবেচনা কৰিবলৈ চৰকাৰ প্ৰতি আহ্বান জনাইছে । শিক্ষা বিভাগে প্ৰস্তুত কৰা নাভূত - নাশ্ৰুত কাণ্ডই ছাত্ৰ ছাত্ৰীক দোমোজাত পেলাইছে আৰু তেওঁলোকক দোমজাত পেলোৱাৰ পৰিবৰ্তে ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাই এটা পৰীক্ষাৰ মাৰ্কশ্বীট এখনেই হ'ব লাগিব বুলি এবছুৱে দাবী উত্থাপন কৰিছে ।
ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰি বা শিক্ষকৰ বাবে আৱেদন কৰাৰ পিছত সেয়া যদি নাকচ হয় তেনেহলে তেনে মাৰ্কশ্বীট ছাত্ৰ -ছাত্ৰীয়ে কেনেদৰে গ্ৰহণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি ফলাফল ঘোষণা প্ৰতিবেদনৰ ৫ নং দফা পুনৰ বিবেচনা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এবছুৱে ।
ইপিনে বড়ো (Bodo) ভাষা ৰাজ্যিক সহযোগী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পিছতো অসম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাক এলাগি কৰা কাৰ্যক গৰিহণা দিছে এবছুৱে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|