ৰাজ্যৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত দশম শ্ৰেণীলৈকে অসমীয়া বিষয় বাধ্যতামূলক কৰাত বিৰোধিতা বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ।
দেওবাৰে সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত দশম শ্ৰেণীলৈকে অসমীয়া বিষয় বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল। আনকি ইতিমধ্যে এই ক্ষেত্ৰত ৰাজ্যপালেও অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে। কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।
সোমবাৰে বড়োফা হাউচত এখন সংবাদমেল সম্বোধন কৰি এবছুৰ সাধাৰণ সম্পাদক কোৱামদাও ৱাৰী আৰু শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে। সংগঠনটোৱে বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক নকৰিবলৈ দাবী জনাই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বড়ো মাধ্যমৰ বিদ্যালয় সমূহ বৰ্তমান এই পৰ্যায় কেৱল বড়ো ভাষা আন্দোলনৰ জৰিয়তে উপনীত হৈছে বুলি দাবী কৰে। লগতে সংগঠনটোৱে বড়ো মাধ্যমৰ বিদ্যালয়ত শীঘ্ৰে শিক্ষক নিযুক্তি আৰু সময় মতে পাঠ্যপুথি যোগান ধৰিবলৈও দাবী জনায়।
আনকি সংগঠনটোৱে বড়ো মাধ্যমৰ বিদ্যালয়ক শিক্ষা বিভাগে মাহী আইৰ দৃষ্টিৰে চোৱা বুলিও অভিযোগ আনে সংগঠনটোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|