কোকৰাঝাৰ জিলাৰ উল্টাপানী বনাঞ্চল এলেকাত ১৭ ছেপ্টেম্বৰৰ নিশা গুলীয়াগুলীত দুজন যুৱকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ বিটিচি এলেকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ মাজতে আজি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত চিৰাং জিলা এবছুৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰে ৷
সংবাদ মেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে প্ৰকাশ কৰে যে কোকৰাঝাৰ জিলাৰ উল্টাপানী এলেকাত সংঘৰ্ষত নিহত হোৱা জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত এবছুৱে বিচাৰিছে।
নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে সংবাদ মেলত প্ৰকাশ কৰা মতে, পৰিয়ালৰ লোকৰ ভাষ্য আৰু স্থানীয় ৰাইজৰ কথাৰ পৰা উক্ত ঘটনা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে ৷ একেদৰে উক্ত ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷
দ্বীপেন বড়োৱে কয় যে বিগত ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীত হোৱা বড়ো শান্তি চুক্তিত চাৰিটাকৈ এন ডি এফ বিৰ গোটৰ লগতে এবছুৱে স্বাক্ষৰ কৰিছিল৷ গতিকে চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এবছুৱে দাবী উত্থাপন কৰে ৷
ইফালে আৰক্ষীৰ হাতত দুই যুৱকৰ মৃত্যুৰ পিছতে একাংশ সংগঠনে এবছুক সামাজিক মাধ্যমত কৰা সমালোচনাৰ উত্তৰ দি এবছু নেতাজনে বিগত সময়ত সংঘটিত হত্যাকাণ্ডসমূহক লৈ মৌন হৈ থাকি বৰ্তমান হঠাতে সৰৱ হৈ পৰিল কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|