সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সাম্বলাও বসুমতাৰীৰ আজি ২৬ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে বাসুগাঁৱৰ নিকটৱৰ্তী গয়বাৰীস্থিত সমাধিক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় সন্ত্ৰাসবাদ বিৰোধী দিৱস৷ পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি দ্বীপেন বড়োৱে৷ প্ৰয়াত বসুমতাৰীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সহ ধৰ্মিনী ভানুমতী বসুমতাৰীয়ে৷ ইয়াৰ পিছতে শান্তিক প্ৰতীক হিচাপে পাৰ চৰাই আৰু বেলুন উৰুৱাই বড়ো সাহিত্য সভাৰ উপ সভাপতি ৰমেলা ইছলাৰী আৰু সাহিত্য অকাডেমী বঁটা বিজয়ী হৰি নাৰায়ণ খাকলাৰীয়ে । আনহাতে সন্ত্ৰাসবাদ বিৰোধী হস্তাক্ষৰ সংগ্ৰহ অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে৷
আজি দুপৰীয়া আয়োজিত মুকলি সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিশেষ শাখাৰ হিৰেন নাথ প্ৰমুখ্য কৰি কেইবাগৰাকী অতিথিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৯৬ চনৰ আজিৰ দিনটোতে সেই সময়ৰ এৱছুৰ সভাপতি সাম্বলাও বসুমতাৰীক আততায়ীৰ গুলিত নিহত হ’বলগীয়া হৈছিল। ছাত্ৰ নেতাজনৰ স্মৃতিত প্ৰতি বছৰে আজিৰ দিনটো সংগঠনটোৱে সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ উদ্দেশ্য সম্পৰ্কে কয় যে এটা সময়ত নিজৰ মাজত ভুল বুজাবুজি আৰু সংঘাতৰ বাবে এৱছু নেতা সাম্বলাও বসুমতাৰীক গুলিয়াই হত্যা কৰা হৈছিল৷
উক্ত ঘটনাৰ পিছতে উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমটো সংগঠন হিচাপে সন্ত্ৰাসবাদৰ বিৰোধীতা কৰি আহিছে ৷ সম্প্ৰতি বিটিআৰ চুক্তিৰ জৰিয়তে সমগ্ৰ অঞ্চলত শান্তিৰ পৰিৱেশ বিৰাজ কৰি আহিছে৷ এৱছুৱে আগন্তক দিনতো হিংসা সন্ত্ৰাসবাদ আৰু অপৰাধ মুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সদায় কাম কৰি যাব বুলি তেঁও জানিব দিছে। আনহাতে, এৱছুৱে দীৰ্ঘদিন ধৰি হিংসা আৰু সন্ত্ৰাসবাদ মুক্ত সমাজ গঢ়ি তোলাৰ প্ৰচেষ্টা হিচাপে সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি শান্তিৰ পৰিৱেশ আহিছে বুলি মন্তব্য কৰি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৱে একাংশ দুষ্ট চক্ৰই শেহতীয়াভাৱে অশান্তি সৃষ্টিৰ বাবে চেষ্টা অব্যাহত ৰখাৰ ফলত ৰাইজক সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায়।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|