• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱত হাউছফুল জলী মেক্স, অক্ষয় কুমাৰৰ ‘সূৰ্যবংশী’ চাবলৈ আৰক্ষীৰ ভিৰ

বঙাইগাঁৱত হাউছফুল জলী মেক্স, অক্ষয় কুমাৰৰ ‘সূৰ্যবংশী’ চাবলৈ আৰক্ষীৰ ভিৰ

জলী মেক্সত নতুনকৈ মুক্তি লাভ কৰা চিনেমাখন চাই আনন্দ ল’লে কোকৰাঝাৰ জিলাৰ প্ৰায় তিনি শতাধিক আৰক্ষীয়ে।

জলী মেক্সত নতুনকৈ মুক্তি লাভ কৰা চিনেমাখন চাই আনন্দ ল’লে কোকৰাঝাৰ জিলাৰ প্ৰায় তিনি শতাধিক আৰক্ষীয়ে।

জলী মেক্সত নতুনকৈ মুক্তি লাভ কৰা চিনেমাখন চাই আনন্দ ল’লে কোকৰাঝাৰ জিলাৰ প্ৰায় তিনি শতাধিক আৰক্ষীয়ে।

  • Share this:
বঙাইগাঁও জলী মেক্স চিনেমাৰ হলত আৰক্ষীৰ ভিৰ। সোমবাৰৰ দিনটোত হাউছফুল জলী মেক্স। কোৰোণা মহামাৰীৰ পিছত মুক্তি লাভ কৰা বলীউদৰ ছবি 'সুৰ্যবংশী'ৰ দৰ্শকৰ ৰূপত এইবাৰ আৰক্ষী। কোৰোণাৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ চিনেমা হলসমূহ খুলি দিয়া হৈছে। এই সুযোগতে কোকৰাঝাৰ জিলাত আৰক্ষীয়ে উপভোগ কৰিলে বলীউদৰ নতুন ছবি ‘সূৰ্যবংশী’।

ৰাইজক নিৰাপত্তা দিয়াৰ স্বাৰ্থত সদায় কৰ্তব্যৰত আৰক্ষীসকলক মনোৰঞ্জনৰ বাবে চিনেমা উপভোগ কৰিবলৈ সুযোগ দিলে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক থুবেই। উপ–নিৰ্বাচনৰ লগতে দিপাৱালীত ভীষণ ব্যস্তৰ মাজত সময় অতিবাহিত কৰা জিলাখনৰ আৰক্ষীসকলক মানসিক সকাহ দিয়াৰ বাবে জিলাখনৰ আৰক্ষী প্ৰশাসনে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰে ৷

জলী মেক্সত নতুনকৈ মুক্তি লাভ কৰা চিনেমাখন চাই আনন্দ ল’লে কোকৰাঝাৰ জিলাৰ প্ৰায় তিনি শতাধিক আৰক্ষীয়ে। আৰক্ষীসকলক উৎসাহিত কৰিবলৈ আৰক্ষী বিভাগৰ এই প্ৰচেষ্টা। মুঠৰ ওপৰত সদায় ৰাইজৰ হৈ দিনে–নিশাই কাম কৰা আৰক্ষীসকলক সোমবাৰৰ দিনতোত দেখা গ’ল কিছু ব্যতিক্ৰমী ৰূপত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি