কিমান নিবনুৱা আছে নগাঁৱত আপুনি জানেনে? পঢ়ক এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:September 16, 2020, 3:15 PM IST
কিমান নিবনুৱা আছে নগাঁৱত আপুনি জানেনে? পঢ়ক এই প্ৰতিবেদন
এই পৰিসংখ্যা বিগত মাহলৈকে পঞ্জীয়ন হৈ থকা নিবনুৱাৰ ওপৰত ভিত্তি কৰিহে প্ৰকাশ কৰা হৈছে।

এই পৰিসংখ্যা বিগত মাহলৈকে পঞ্জীয়ন হৈ থকা নিবনুৱাৰ ওপৰত ভিত্তি কৰিহে প্ৰকাশ কৰা হৈছে।

  • News18 Assam
  • Last Updated: September 16, 2020, 3:15 PM IST
  • Share this:
নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰা অসমত এতিয়া এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰিছে যুৱপ্ৰজন্মই। লকডাউনৰ বাবে বহু যুৱক-যুৱতীয়ে ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপন হেৰুৱাই অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে। সেয়ে সকলোৰে এতিয়া সকলোৰে ভৰসা চৰকাৰী চাকৰি। সেয়ে ৰাজ্যৰ জিলাই জিলাই থকা নিয়োগ বিনিয়োগ কেন্দ্ৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে জনসমাগম।

চৰকাৰী চাকৰিৰ আবেদনৰ বাবে নিয়োগ বিনিয়োগ কেন্দ্ৰত পঞ্জীয়ন বাধ্যতামূলক। শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিভিন্ন শিতানত মুকলি কৰা পদত আবেদনৰ বাবেই নিয়োগ বিনিয়োগ কেন্দ্ৰসমূহত বৃদ্ধি পাইছে ভিৰ। নগাঁও জিলাত থকা নিয়োগ বিনিয়োগ কেন্দ্ৰতো পঞ্জীয়নৰ বাবে চাকৰি প্ৰাৰ্থীয়ে ভিৰ কৰিছে। পিছে বিগত সময়ছোৱাত নগাঁও নিয়োগ বিনিয়োগ কেন্দ্ৰত পঞ্জীয়ন হৈ থকা নিবনুৱাৰ সংখ্যাই স্পষ্ট হৈ পৰিছে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়ংকৰ ছবি।

নগাঁৱত কিমান নিবনুৱা আছে বৰ্তমান?

নগাঁও জিলা নিয়োগ বিনিয়োগ কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা মাহলৈকে নগাঁৱত পঞ্জীয়ন হৈ থকা নিবনুৱাৰ সংখ্যা হৈছে ৯০৫১০জন। ইয়াৰে পুৰুষৰ সংখ্যা হৈছে ৫১১৯৬জন আৰু মহিলাৰ সংখ্যা ৩৯৩১৪গৰাকী। ইয়াৰে বৃত্তিগত ডিগ্ৰীধাৰী নিবনুৱা হৈছে ৩৩৮ জন। ইয়াৰে পুৰুষ ৩০৯জন আৰু মহিলা ২৯গৰাকী। কাৰিকৰী শিক্ষা লাভ কৰা নিবনুৱাৰ সংখ্যা ৯৫৮জন, পুৰুষ ৫৬৮জন আৰু মহিলা ৩৯০গৰাকী। ইয়াৰোপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নিবনুৱা ১৬১৩৯জন, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ নিবনুৱা ৩৮৬৫৩জন। কলাশাখাত স্নাতক উত্তীৰ্ণ নিবনুৱা ১৪হাজাৰ ৯৫৬জন। ইয়াৰে পুৰুষৰ সংখ্যা ৭হাজাৰ ১৭৬জন আৰু মহিলাৰ সংখ্যা ৭হাজাৰ ৭৮০গৰাকী।ইয়াৰ বিপৰীতে বিজ্ঞান শাখাত স্নাতক উত্তীৰ্ণৰ সংখ্যা হৈছে ১১৭৩জন। একেদৰে স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱা ৩ হাজাৰৰ অধিক।

অৱশ্যে এই পৰিসংখ্যা বিগত মাহলৈকে পঞ্জীয়ন হৈ থকা নিবনুৱাৰ ওপৰত ভিত্তি কৰিহে প্ৰকাশ কৰা হৈছে। এই মাহত পঞ্জীয়ন হোৱা নিবনুৱাৰ সংখ্যা যোগ দিলেযে সেয়া লাখৰ সংখ্যা পাৰ কৰিব সেয়া নিশ্চিত।

এয়া মাথোঁ এখন জিলাৰ পৰিসংখ্যাহে। বিগত সময়ছোৱাত ৰাজ্যত নিবনুৱা সমস্যাই কিমান ভয়াবহ ৰূপ ধাৰণ কৰিছে সেয়া এই পৰিসংখ্যা চালেই স্পষ্ট হৈ পৰে।
Published by: Sanjay Kumar Das
First published: September 16, 2020, 3:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading