ডিব্ৰুগড় বিমানবন্দৰত খমখমীয়া নোটৰ উজান। মোহনবাৰী বিমানবন্দৰত স্ক্ৰীণিঙৰ সময়ত জব্দ লাখ লাখ টকাৰে ভৰ্তি দুটাকৈ কাৰ্টন। চাৰিগৰাকী যাত্ৰীয়ে কঢ়িয়াই নিয়া দুটা কাগজৰ কাৰ্টনৰ পৰা উদ্ধাৰ প্ৰায় ৮০ লক্ষাধিক টকা। দিল্লী অভিমুখী ইন্দিগ’ বিমানত উঠাৰ আগমুহুৰ্তত বিমানবন্দৰত ধৰা পৰে এই বৃহৎ সংখ্যক টকা।
ঘটনা সন্দৰ্ভত মহম্মদ জালালউদ্দিন তালুকদাৰ, সঞ্জয় কুমাৰ স্বাৰ্মী, সাজন সিং আৰু ৰাম অৱতাৰ স্বাৰ্মী নামৰ চাৰিজন লোকক বিমানবন্দৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে আটক কৰে। পিছত টকাৰ কাৰ্টনসহ চাৰিওজনক গতাই দিয়ে অসম আৰক্ষীক।
কাৰ্টনকেইটা খোলাৰ লগে লগে ওলাই পৰে ১৬৬টা পাঁচশ টকীয়া নোটৰ বাণ্ডিলৰ লগতে তিনিটা ২০০০টকীয়া আৰু এটা দহটকীয়া নোটৰ বাণ্ডিল।
অৰুণাচলৰ খুনচাৰ পৰা নতুন দিল্লী অভিমুখে ইন্দিগ’ বিমানেৰে যোৱাৰ বাবে আহোতেই জব্দ হয় টকাখিনি। বিজয় শংকৰ আগৰৱাল নামৰ এজন লোকে খুনচাৰ পৰা ৰাজস্থান অভিমুখে নিবলৈ দিছিল এই বৃহৎ পৰিমাণৰ টকা।
বিমানৰ জৰিয়তে এজন লোকে অত্যধিক ৫০ হাজাৰ টকা কঢ়িয়াই নিব পাৰে যদিও এই বৃহৎ পৰিমাণৰ টকা কিয় কঢ়িয়াই নিব লগা হৈছিল সেয়া ৰহস্যজনক। বিশেষকৈ বহুচৰ্চিত আই পি এল আৰম্ভ হোৱাৰ লগে লগে এতিয়া বিভিন্ন প্ৰান্তত হৈছে আই পি এল জুৱা।
চুবুৰীয়া ৰাজ্য অৰুণাচল, উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ডিগবৈ আদিত ব্যাপক IPL জুৱা তথা চাত্তাবাজি অনুষ্ঠিত হোৱাৰ বাতৰি সম্প্ৰচাৰ হৈ থকা সময়তে আজি বিমানবন্দৰত জব্দকৃত বৃহৎ পৰিমাণৰ ধনে সৃষ্টি কৰিছে ৰহস্যৰ। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|