অকলশৰীয়া হ'বগৈ নেকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী?

সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত UNITED BODO PEOPLES ORGANIZATIONৰ সম্পূৰ্ণ ২১খন জিলা সমিতিয়ে যোগ দিলে বিজেপিত৷
সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত UNITED BODO PEOPLES ORGANIZATIONৰ সম্পূৰ্ণ ২১খন জিলা সমিতিয়ে যোগ দিলে বিজেপিত৷
- News18 Assam
- Last Updated: October 9, 2020, 5:45 PM IST
যোগদান কাৰ্যসূচীত নিজৰ মন্তব্য ৰাখি হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্মক তীব্ৰ সমালোচনা কৰি UBPOৰ সভাপতি মিহিলেশ্বৰ ব্ৰহ্মৰ আক্ষেপ , "বিটিচিৰ বাহিৰৰ বড়োৰ কথা নাভাৱে বিপিএফে৷ ইমানদিনে আমাক আঁভুৱা ভাৰিলে হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মই৷ বিধানসভাত বিধেয়ক উঠোৱাৰ ক্ষেত্ৰতো অন্তৰায় আছিল চন্দন ব্ৰহ্ম৷ বিজেপিৰ ওপৰত আস্থা আছিল৷ বড়ো-কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠন কৰি বিজেপিয়ে বিটিচিৰ বাহিৰৰ বড়োখিনিক মৰ্যাদা দিলে ৷ সাংসদ বিশ্বজিৎ দৈমাৰীক অৱশ্যেই ধন্যবাদ জনাব লাগিব৷"
মিহিলেশ্বৰ বসুমতাৰীৰ নেতৃত্বত UBPOৰ যোগদানৰ লগতে বিপিএফৰ পঞ্চাশ সদস্যৰ যোগদানেৰে বিজেপি অধিক শক্তিশালী হোৱাৰ দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰণজিত দাসৰ৷
এতিয়া প্ৰশ্ন হয়, যদিহে বিপিএফৰ শীৰ্ষ নেতৃত্বই বিজেপিত যোগদান কৰে এসময়ত গৈ অকলশৰীয়া হ'ব নেকি হাগ্ৰামা মহিলাৰী?