কঠিয়াতলী মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত সভাত অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।
কঠিয়াতলী মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত সভাত অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।
কংগ্ৰেছত থাকি আমুৱালে, সেয়ে এইবাৰ কংগ্ৰেছ দলক বিদায় জনাই ভাৰতীয় জনতা পাৰ্টীলৈ ঢাপলি মেলিলে চাহ বাগানৰ অৰ্ধশতাধিক লোকে। উল্লেখযোগ্য যে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠিয়াতলীৰ শগুণবাহী চাহ বাগানত বুধবাৰে অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে৷
কঠিয়াতলী মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত সভাত অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত চাহ বাগানৰ অৰ্ধশতাধিক লোকে বিজেপি দলৰ নীতি–আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গেৰুৱা বসন পৰিধান কৰে৷
যোগদান কাৰ্যসূচীত বিধায়ক জিতু গোস্বামীৰ লগতে বহু কেইজন বিজেপি নেতাও উপস্থিত থাকে৷ নতুনকৈ দলত যোগদান কৰা প্ৰতিগৰাকী সদস্যক বিধায়ক জিতু গোস্বামীয়ে আদৰণি জনাই সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি–আৰ্দশ মানি চলিবলৈ আহ্বান জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|