ন–বিজেপিক দললৈ উষ্ম আদৰণি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷
ন–বিজেপিক দললৈ উষ্ম আদৰণি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷
দুধনৈত শূন্য হ’ব নেকি কংগ্ৰেছ! দুধনৈত কংগ্ৰেছ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ হাত খালী কৰি খহনীয়া অব্যাহত কংগ্ৰেছত৷ কংগ্ৰেছৰ দখলত থকা গোৱালপাৰাৰ চাৰিওটা সমষ্টিতে খহনীয়াৰ দিশে কংগ্ৰেছ৷ দুধনৈত প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ তিনি শতাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপি গমন৷ প্ৰাক্তন মন্ত্ৰী জগত পাটগিৰিৰ পুত্ৰ তথা কংগ্ৰেছৰ গোৱালপাৰা জিলা জনজাতি কোষৰ সভাপতি সুৱৰ্ণ পাটগিৰিৰ লগতে তিনি শতাধিক কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন৷
ন–বিজেপিক দললৈ উষ্ম আদৰণি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা গোৱালপাৰা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক আৰু যোগদান অনুষ্ঠানত দুই শতাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদানৰ পিছতে দুধনৈ সমষ্টিত শূন্য হোৱাৰ দিশে আগবাঢ়িছে এতিয়া কংগ্ৰেছ৷
যোগদান সভাত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য, ‘‘গোৱালপাৰা জিলাত বিজেপি যথেষ্ট শক্তিশালী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়ি গৈছে৷ বিশ্ব সম্প্ৰদায়ৰ লগত আজি ভাৰতবৰ্ষই ফেৰ মাৰিব পৰা হৈছে৷ অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশৰ দিশত যথেষ্ট আগবাঢ়ি গৈছে৷ সেইবাবে জনতা জনাৰ্দন আজি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আহিছে৷’’
আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই কয়, ‘‘কংগ্ৰেছ পুৰণি দল, কংগ্ৰেছ থাকিব লাগিব, কংগ্ৰেছ থাকক কিন্তু কংগ্ৰেছে শিকিব লাগিব৷ পৰিয়াল কেন্দ্ৰীক ৰাজনীতি, ভ্ৰষ্টাচাৰ এৰিব লাগিব৷’’
বহু মুছলমান কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা সম্পৰ্কত ভৱেশ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয়, গেৰুৱা ত্যাগৰ প্ৰতীক, মা-ভাৰতীৰ প্ৰতীক৷ গেৰুৱা দ’ল সাম্প্ৰদায়িক নহয়৷ মুছলমানসকলে এতিয়া দেখিছে যে, ভাৰতবৰ্ষৰ লগতে ৰাজ্যৰ উন্নয়ন যদি কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব পাৰে৷ ইমান বছৰে তেওঁলোকক কংগ্ৰেছে ভোট বেংক হিচাপে লৈ আহিছে৷ ভোট বেংকৰ ৰাজনীতিৰ পৰা তেওঁলোক বৰ্তমান বিকাশৰ ৰাজনীতিলৈ ওলাই আহিছে৷ ভাৰতীয় জনতা পাৰ্টীয়ে জাত-পাত, সম্প্ৰদায়ৰ ৰাজনীতি নকৰে৷ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰে বিকাশৰ ৰাজনীতি৷’’
পাঁচ মুছলমানৰ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত ভৱেশ কলিতাৰ মন্তব্য, এই জনগোষ্ঠী কেইটালৈ ভাবুকি আহিছে। তেখেতসকলৰ কৰ্ম আনে কাঢ়ি নিছে৷ যাৰ বাবে চৰকাৰখনে এই জনগোষ্ঠী কেইটাক চাব ল’গা হৈছে৷
কলিতাই পুনৰ কয়, বৰ্তমান গোৱালপাৰাৰ চাৰিটা সমষ্টি কংগ্ৰেছৰ হাতত আছে কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত দুধনৈ আৰু আন এটা সমষ্টি, মুঠতে দুটা সমষ্টি বিজেপিলৈ ঘুৰি আহিব৷ এই গেৰাণ্টী দিলে বিজেপি সভাপতি গৰাকীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|