কংগ্ৰেছ শূন্য হ'ল বঢ়মপুৰ! গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ দখলত থকা বঢ়মপুৰ ব্লকৰ অধীনৰ একমাত্ৰ গাঁও পঞ্চায়ত পুৰণিগুদাম গাঁও পঞ্চায়তৰ প্ৰতিনিধি বৰ্গই। কেৱল সেয়াই নহয়, অগপৰ দখলত থকা বামুণীগাঁও পঞ্চায়তৰ প্ৰতিনিধি বৰ্গয়ো পিন্ধিলে গেৰুৱা বসন। সততে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেখা পোৱা নেতা-কৰ্মী-সমৰ্থকৰ দলত্যাগ অথবা নতুনকৈ আন দলত যোগদানৰ দৰে নিৰ্বাচনী গৰম বতাহজাক যেন হঠাৎ বলিল নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাপানালাত দেওবাৰে। বিজেপিৰ বঢ়মপুৰ মণ্ডলৰ উদ্যোগত চাপানালাত অনুষ্ঠিত এখন যোগদান সভাত উবুৰি খাই পৰিল কংগ্ৰেছ তথা অগপৰ দুই সহস্ৰাধিক নেতা-কৰ্মী-সমৰ্থক। গৃহ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত বিজেপিত প্ৰায় তিনি শতাধিক কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ লগতে পাঁচজনকৈ ৱাৰ্ড আৰু এজন আঞ্চলিক পঞ্চায়তৰ সদস্যসহ বিজেপিত যোগদান কৰিলে পুৰণিগুদাম গাঁও পঞ্চায়তৰ সভাপতি বেদান্ত গায়নে।
ইফালে, বামুণী গাঁও পঞ্চায়তৰ সভাপতি অগপ দলৰ তৃণমূল নেতা প্ৰাঞ্জল দলৈয়েও প্ৰায় পাঁচ শতাধিক কৰ্মী-সমৰ্থকৰ লগতে চাৰিজনকৈ ৱাৰ্ড মেম্বাৰসহ বিজেপি যোগদান কৰে। উল্লেখযোগ্য যে, চাপানালাত অনুষ্ঠিত বিশাল যোগদান সভাখনতেই বঢ়মপুৰৰ জ্যেষ্ঠ সাংবাদিক শিৱ বৰ্মনেও আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত।
শেহতীয়াকৈ বিধায়কগৰাকীয়ে বিজেপি-কংগ্ৰেছ আদি বিচাৰ নকৰি সমষ্টি উন্নয়নৰ প্ৰতি দেখুওৱা দায়বদ্ধতাৰ প্ৰতি আকৃষ্ট হৈ আটাইকেইগৰাকী নেতৃস্থানীয় লোকে বিজেপিত যোগদান কৰিছে বুলি নিজমুখে উল্লেখ্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। লক্ষণীয়ভাৱে বিধায়কগৰাকীয়ে বঢ়মপুৰ মণ্ডলত কংগ্ৰেছ শূন্য হ'ল বুলি কোৱাৰ লগতে কংগ্ৰেছে অহাবাৰ বঢ়মপুৰত বেনাৰ-পোষ্টাৰ লগাবলৈ মানুহ বাহিৰৰ পৰা ভাড়াত আনিব লাগিব বুলি কটাক্ষ কৰে সংবাদ মাধ্যমৰ সন্মুখত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2022, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।