লংকাত লুট আঢ়ৈ লাখঃ সজাগ–সচেতন নহ'লে নোহোৱা হ'ব আপোনাৰো বেংক একাউণ্টৰ ধন

News18 Assam | News18-Assam
Updated:June 7, 2021, 7:05 PM IST
লংকাত লুট আঢ়ৈ লাখঃ সজাগ–সচেতন নহ'লে নোহোৱা হ'ব আপোনাৰো বেংক একাউণ্টৰ ধন
অতি চতুৰতাৰে সহজ–সৰল দিলীপ আচাৰ্য‍ৰ ICICI বেংকৰ একাউণ্টৰ পৰা লুটি নিয়ে ২ লাখ ৪৬ হাজাৰ টকা।

অতি চতুৰতাৰে সহজ–সৰল দিলীপ আচাৰ্য‍ৰ ICICI বেংকৰ একাউণ্টৰ পৰা লুটি নিয়ে ২ লাখ ৪৬ হাজাৰ টকা।

  • Share this:

 বেংকৰ এজেণ্টৰ পৰিচয় দি এটিএমৰ নম্বৰ বিচাৰি টকা লুট কৰাটো এটা প্ৰায় পুৰণি কৌশল। কিন্তু সজাগ–সচেতনতাৰ অভাৱ তথা অজ্ঞতাৰ বাবে এচাম লোক আজিও এনে প্ৰৱঞ্চকৰ জালত ভৰি দি হেৰুৱাই আছে কষ্টোপাৰ্জিত ধন। শেহতীয়াকৈ এনে এক অজ্ঞাত ফোন কলত পতিয়ন গৈ লংকাত এজন লোকে হেৰুৱাইছে বুজন পৰিমাণৰ ধনৰাশি। লংকাৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ আচাৰ্যলৈ অলপতে আহিছিল এক অজ্ঞাত ফোন কল। লামডিং ইউনাইটেড বেংকৰ DRMP শাখাৰ  পৰা 9339049700 নম্বৰেৰে ফোন কৰি প্ৰথমে দিলীপ আচাৰ্য‍ক তেওঁৰ লংকা শাখা ICICI বেংকত থকা একাউন্টৰ  এটিএমখন কাৰ্যকৰী কৰাৰ বাবে কিছু তথ্যৰ প্ৰয়োজন বুলি কোৱাত লোকজনে প্ৰদান কৰে বেংক সংক্ৰান্তীয় তথ্য।


ইয়াৰ পিছত পুনৰ ফোন কৰি ন'মিনীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁৰ মোবাইললৈ যোৱা OTP দিবলৈ কোৱাত লোকজনে অজ্ঞাত ব্যক্তিক OTP শ্বেয়াৰ কৰাৰ পিছত সংঘটিত হ'ল দিলীপ আচাৰ্য‍ই কল্পনা কৰিব নোৱাৰা ঘটনাটো। প্ৰৱঞ্চকে অতি চতুৰতাৰে সহজ–সৰল দিলীপ আচাৰ্য‍ৰ পৰা OTP লোৱাৰ পিছত লুটি নিয়ে ২ লাখ ৪৬ হাজাৰ টকা। পৰৱৰ্তী সময়ত ঘটনাটো জানিব পাৰি দিলীপ আচাৰ্যই বেংকত উপস্থিত হৈ ঘটনাটো বিৱৰি কোৱাৰ পিছতো কোনোধৰণৰ সুফল নাপাই একাউন্টৰ মিনি ষ্টেটমেণ্ট বাহিৰ কৰাত টকাখিনি ডিব্ৰুগড়ৰ ৰীতা বৰুৱাৰ একাউণ্ট সোমোৱা বুলি তথ্যত প্ৰকাশ পোৱাত লোকজন হতভম্ব হৈ পৰে।


ইতিমধ্যে ঘটনা সংক্ৰান্তত লংকা আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে প্ৰৱঞ্চক চক্ৰটোৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য, অসমত এনে ঘটনা বহুবাৰ সংঘটিত হৈছে আৰু এই বিষয়ে সংবাদ মাধ্যম বা বেংকেও সজাগ–সচেতন হ'বলৈ পৰামৰ্শ দিছে যদিও ঘটিয়েই আছে এনে ঘটনা।

Published by: Gautam Barman
First published: June 7, 2021, 7:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি