মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কংগ্ৰেছৰ দুৰ্গত খহনীয়া, গোসাঁইগাঁৱত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

কংগ্ৰেছৰ দুৰ্গত খহনীয়া, গোসাঁইগাঁৱত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

News18 Assam | News18-Assam
Updated:September 26, 2021, 5:38 PM IST
কংগ্ৰেছৰ দুৰ্গত খহনীয়া, গোসাঁইগাঁৱত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান
গোসাঁইগাঁও বিধানসভা সমষ্টিৰ মৰনৈ চাহ বাগিচাত শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ সজল সিংহৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপিত যোগদান কৰে।

গোসাঁইগাঁও বিধানসভা সমষ্টিৰ মৰনৈ চাহ বাগিচাত শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ সজল সিংহৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপিত যোগদান কৰে।

  • News18 Assam
  • Last Updated: September 26, 2021, 5:38 PM IST
  • Share this:
নিৰ্বাচন মানেই দল বগৰা ৰাজনীতি, নিৰ্বাচন মানেই জল্পনা-কল্পনা, নিৰ্বাচন মানেই ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ। উপ–নিৰ্বাচন সমাগত। ইতিমধ্যে উপ–নিৰ্বাচনক লৈ আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি। উপ–নিৰ্বাচনৰ পূৰ্বে ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিতো তৎপৰ হৈ উঠিছে সকলো ৰাজনৈতিক দল। এইক্ষেত্ৰত পিছপৰি থকা নাই ভাৰতীয় জনতা পাৰ্টীও।

গোসাঁইগাঁও বিধানসভা সমষ্টিৰ তথা শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ মৰনৈ চাহ বাগিচা ইমানদিনে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল। গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ মিথিয়াছ টুডুৱে ৩৫ বছৰ ৰাজত্ব কৰিছিল। প্ৰতিবাৰে ইয়াৰ গৰিষ্ঠসংখ্যক ভোট লাভ কৰিছিল কংগ্ৰেছে। কিন্তু এইবাৰ বিধানসভা উপ–নিৰ্বাচনত গোসাঁইগাঁও বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰা আদিবাসী অঞ্চলত দেখা গৈছে ৰাজনৈতিক পট পৰিৱৰ্তন।

গোসাঁইগাঁও বিধানসভা সমষ্টিৰ মৰনৈ চাহ বাগিচাত শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ সজল সিংহৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে বিজেপিৰ শ্ৰীৰামপুৰ মণ্ডলৰ উদ্যোগত তথা এমচিএলএ সজল সিংহৰ নেতৃত্বত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় মৰনৈ চাহ বাগিচাত। কংগ্ৰেছ, বিপিএফ আদি দলৰ পৰা ১২০০ পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বাগিচাখনৰ প্ৰেক্ষাগৃহত।

সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত  বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ সজল কুমাৰ  সিংহই কয় যে, বিজেপি চৰকাৰ অহাৰ লগে লগে চাৰিওফালে উন্নয়ন আৰু উন্নয়ন, শ্ৰীৰামপুৰতো ৰাস্তা-ঘাট আদি কৰি বহুত উন্নয়ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ নেতৃত্বত চৰকাৰখনে কৰা উন্নয়ন আৰু বিজেপি দলৰ নীতি–আদৰ্শ প্ৰতি আকৃষ্ট হৈ সকলোৱে বিজেপিমুখী হৈছে। চাহ শ্ৰমিকসকলৰ বাবে চৰকাৰে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে। শ্ৰমিকৰ মজুৰি আঢ়ৈশ টকা কৰা হ'ল। লগতে শ্ৰমিকৰ মজুৰি অধিক বঢ়াবলৈ চৰকাৰৰ আচঁনি আছে। আনহাতে বিজেপি দলে যদি সজল সিংহক গোসাঁইগাঁও বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰে তেনেহ’লে সমষ্টিটোৰ পৰি জিকি আহিব বুলি দৃঢ়তাৰে কয় সজল সিংহই।

যোগদান অনুষ্ঠানত বিজেপি কোকৰাঝাৰ জিলা সভাপতি ৰাজ কুমাৰ ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জাৰী, শ্ৰীৰামপুৰৰ পাৰিষদ সজল কুমাৰ সিংহৰ লগতে বিজেপি আন আন বিষয়ববীয়া আৰু দলীয় কৰ্মকৰ্তা উপস্থিত থাকি নতুনকৈ যোগদান কৰা সকলক দলীয় টুপী আৰু গামোচাৰে আদৰণি জনায়।
Published by: Sanjay Kumar Das
First published: September 26, 2021, 5:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি