মুখ্যপৃষ্ঠা »খবৰ »অসম »NRCৰ পৰা বাদ পৰিব পাৰে ১৬ লাখ লোক, অবৈধ বিদেশী ৰাখিবলৈ নিৰ্মাণ কৰিব ১১টা ডিটেনচন কেম্প

NRCৰ পৰা বাদ পৰিব পাৰে ১৬ লাখ লোক, অবৈধ বিদেশী ৰাখিবলৈ নিৰ্মাণ কৰিব ১১টা ডিটেনচন কেম্প

গোৱালপাৰা জিলাত ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে ৩০০০ আৱাসী থাকিব পৰা প্ৰথমটো ডিটেনচন কেম্প

গোৱালপাৰা জিলাত ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে ৩০০০ আৱাসী থাকিব পৰা প্ৰথমটো ডিটেনচন কেম্প

গোৱালপাৰা জিলাত ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা হৈছে ৩০০০ আৱাসী থাকিব পৰা প্ৰথমটো ডিটেনচন কেম্প

  • Share this:
    পাৰ্থজ্যোতি বৰা : জাতিৰ দলিল পূৰ্ণাংগ NRC প্ৰকাশ পাবলৈ মাথোঁ ১৫ দিন। তৎপৰ হৈছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰে মিলিত হৈ নাগৰিকপঞ্জী প্ৰকাশৰ দিনা আৰু তাৰ পিছত উদ্ভাৱন হ’ব পৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তৈয়াৰ কৰিছে ব্লুপ্ৰিণ্ট। আনহাতে উচ্চতম ন্যায়ালয়ে দুবাৰকৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ পুনৰীক্ষণ আবেদন নাকচ কৰিছে।

    বুদ্ধিজীৱী উদয়ন মিশ্ৰৰ মতে, প্ৰায় ১৬ লাখ লোক বঞ্চিত হ’ব পাৰে NRC পৰা। এই ১৬ লাখত অন্তৰ্ভুক্ত হৈ থাকিব ১ লাখ D ভোটাৰ আৰু চূড়ান্ত খচৰাৰ পৰা বাদ পৰি পুনৰ আবেদন নকৰা ৪ লাখ লোক। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই তথ্যৰ সম্ভাৱনীয়তা প্ৰকট কৰিছে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে।

    এই বুজনসংখ্যক লোকক ৰাখিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত নিৰ্মাণ আৰম্ভ কৰিছে ডিটেনচন কেম্পৰ। ইতিমধ্যে গোৱালপাৰাৰ মাটিয়াত ৪৫ কোটি টকা ব্যয়েৰে ৩০০০জন লোক থাকিব পৰা এটা ডিটেনচন কেম্প নিৰ্মাণ কৰি থকা হৈছে। অতিৰিক্ত তেনে ১০টা কেম্প নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰে।

    এই ১৬ লাখ লোকৰ বাবে সৃষ্টি হ’ব পৰা মানৱীয় প্ৰত্যহ্বানৰ সন্মুখীন হ’ব পাৰিবনে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ? এয়া হ’ব NRC প্ৰকাশৰ পিছত সকলোতকৈ ডাঙৰ প্ৰশ্ন। কেতিয়ালৈকে এইসকলক আবদ্ধ কৰি ৰাখিব আৰু তাৰ ফলত হ’বলগীয়া খচৰৰ বোজা বহন কৰিব লৈ সাজু আছেনে দুয়োখন চৰকাৰ? ডিটেনচন কেম্পৰ পৰা চৰ্তসাপেক্ষে মুকলি হোৱাৰ পিছত তেওঁলোকৰ কাম কৰাৰ বা মাটি ক্ৰয় কৰাৰ অধিকাৰ থাকিবনে প্ৰত্যাহাৰ কৰা হ’ব? এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু কাৰো হাতত নাই।

    শেহতীয়া বাতৰি