'পাৰিজাত'ৰ সুবাসে কোৰোণাৰ সন্ত্ৰাসৰ মাজতে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

News18 Assam | News18-Assam
Updated:August 9, 2020, 10:46 PM IST
'পাৰিজাত'ৰ সুবাসে কোৰোণাৰ সন্ত্ৰাসৰ মাজতে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি
‘এজন শিক্ষকৰ দায়িত্ব লব লাগিব। অতি কমেও ছমাহৰ বাবে, তেতিয়া অন্ততঃ তেতিয়া এই ৪৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ৰক্ষা পৰিব এই মহামাৰীৰ পিছত। শিক্ষামন্ত্ৰী গৰাকীয়ে ১ ছেপ্তেম্বেৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ ইংগিত দিয়াৰ পিছৰে পৰা মই বিদ্যালয় খুলিবলৈ শিক্ষকক লৈ চিন্তাত পৰিছো।’

‘এজন শিক্ষকৰ দায়িত্ব লব লাগিব। অতি কমেও ছমাহৰ বাবে, তেতিয়া অন্ততঃ তেতিয়া এই ৪৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ৰক্ষা পৰিব এই মহামাৰীৰ পিছত। শিক্ষামন্ত্ৰী গৰাকীয়ে ১ ছেপ্তেম্বেৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ ইংগিত দিয়াৰ পিছৰে পৰা মই বিদ্যালয় খুলিবলৈ শিক্ষকক লৈ চিন্তাত পৰিছো।’

  • Share this:
আগষ্ট মাহৰ এটা অতিকৈ গৰমৰ দিন! উত্তম টেৰণে দুপৰীয়াৰ তেওঁৰ ‘পাৰিজাত’ নামৰ সপোনৰ বিদ্যালয়খন দেখুৱাবলৈ লৈ গৈছিল। গুৱাহাটীৰ উপকন্ঠত থকা এই বিদ্যালয়খন যোৱা মাৰ্চমাহৰ পৰাই বন্ধ হৈ আছে যদিও বিদ্যালয়ৰ বাহিৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে আমাক হাঁহিৰে সম্ভাষণ জনাইছিল।

"বিদ্যালয়খনত বৰ্তমান প্ৰায় ৩৫ গৰাকী আৱাসিক ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ ঘৰ হৈছে কাষতে থকা গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ বহু ভিতৰত। গাঁৱলৈ যাবলৈ প্ৰায় ৫ কিলোমিটাৰ খোজকাঢ়িব লগা হয় তেওঁলোকে। এই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উচ্চ শিক্ষা লাভৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰ পূৰণৰ বাবে আৰু ডিজিটেল ক্লাছৰ পাঠ গ্ৰহণৰ বাবে ইণ্টাৰনেটৰ সুবিধাৰ প্ৰয়োজন হয়। মোৰ এটা ৱাইফাই কানেকশ্যন আছে।" - এনেদৰে কয় উত্তৰ টেৰণে।  পাৰিজাত একাডেমীৰ হোষ্টেলত ৬০ গৰাকী ছাত্র-ছাত্ৰীক বিনামূলীয়াকৈ ৰখাৰ সুবিধা আছে বুলি টেৰণে লগতে উল্লেখ কৰে।



‘আমি বিদ্যালয় গৈ পোৱাৰ সময়তে জিলা প্ৰশাসনে বিদ্যালয়ৰ আৱাসীসকল আৰু টেৰণৰ পৰিয়ালৰ সদস্যসকলৰ কোভিড19ৰ ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰিছিল আৰু সৌভাগ্য ক্ৰমে সকলোৰে পৰীক্ষাৰ ফলাফল আছিল নিগেটিভ। সমগ্ৰ গুৱাহাটী কোৰোণা মহামাৰীৰ হটস্পটত পৰিণত হোৱাৰ সময়তে তেওঁলোকৰ এই ফলাফলৰ বাবে সকলোৰে মুখত দেখিবলৈ পোৱা গৈছিল এক প্ৰশান্তিৰ ছাঁ।



টেৰণৰ সৈতে বিদ্যালয়খনৰ চৌহদত খোজ কাঢ়ি ঘুৰি ফুৰোতে বিদ্যালয়খন কেনেদৰে পৰিচালনা কৰি অহা হৈছে সেই কথা বুজিবলৈ বেছি সময় নালাগিল। কাৰণ বিদ্যালয়খনলৈ দান-বৰঙণি আগবঢ়োৱা সকলো লোকৰে নাম লিখি লগাই থোৱা হৈছে বিদ্যালয়খনৰ দেৱালবোৰত। আমেৰিকাৰ শেখৰ শুব্ৰমণিয়মৰ পৰা Goodwill Globetrotting নামৰ ফাণ্ডৰেইজিঙ গ্ৰুপটোলৈকে , Lordsai.com ৰ পৰা Asha for education লৈকে সকলোৱে আগবঢ়াইছে সহায়ৰ হাত। বিদ্যালয়খনৰ ছোৱালী আৱাসটো নিৰ্মাণ কৰি দিয়া ‘Elsie Lindhergh’ নামৰ মহিলাগৰাকীলৈকে  বিভিন্ন দেশৰ বহু হৃদয়বান লোকৰ সহায়েৰে এই 'পাৰিজাত' ফুলি বহু দুৰলৈকে সুবাস বিলাবলৈ সক্ষম হৈছে।

পাৰিজাত একাডেমিয়ে বৰ্তমান ২৩ গৰাকী শিক্ষকৰ সেৱা লাভ কৰি আহিছে যিসকলে বহু কিলোমিটাৰ বাটকুৰি বাই এই বিদ্যালয়ত পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ আহে।



২০০৩ চনত মাত্ৰ ৮০০ টকাৰে এটা গৰু গোহালীত চাৰিজন জনজাতীয় ছাত্ৰক লৈ আৰম্ভ কৰা এই বিদ্যালয়খন বৰ্তমান পৰিণত হল পাচ শতাধিক ছাত্ৰছাত্ৰীৰে পৰিপূৰ্ণ এখন বিশাল বিদ্যালয়লৈ। বৰ্তমান এইখন বিদ্যালয়তে দশমমান শ্ৰেণীলৈকে পাঠদান কৰি থকা হৈছে ।

পাৰিজাত একাডেমীত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ শিক্ষাদান কৰা হয়। ছাত্র-ছাত্ৰীসকলক জীৱন শৈলীৰ আন বহু দিশৰ ওপৰটো শিক্ষা দিয়া হয় যাতে তেওঁলোকৰ ভৱিষ্যত জীৱনটো পাৰদৰ্শিতা আৰু আত্মবিশ্বাসেৰে ভৰা হয়। কাঠৰ কাম , কুমাৰ শিল্প , বৈদ্যুতিক কাম তথা পাচি নিৰ্মাণ আৰু হস্তশিল্প বিদ্যালয়খনৰ বাধ্যতামূলক বিষয় আৰু এইসমূহৰ ব্যক্তিগত ভাৱে তদাৰক কৰিবলৈ উত্তম অতিকৈ আগ্ৰহী ।



মুম্বাই স্থিত এজন হৃদয়বান ব্যক্তিৰ পৰামৰ্শ আৰু প্ৰয়োজনীয় আৰ্থিক সহায়েৰে উত্তমে বিদ্যালয়খনৰ এটি সম্প্ৰসাৰিত ভৱনত আৰম্ভ কৰিছে এটি বয়ণ কেন্দ্ৰ। এই কেন্দ্ৰটোত ১০খন তাঁতশালত জনজাতীয় মহিলাসকলক কাপোৰ ববলৈ প্ৰশিক্ষণ দিয়া হয়।

উত্তমে বিদ্যালয়ৰ দশম শ্ৰেণীটো দহগৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰে কেইবাটাও শাখালৈ বিভক্ত কৰিবলৈ পৰিকল্পনা কৰিছে। ১৫ আগষ্টৰ পিছৰে পৰা শ্ৰেণীকোঠাসমূহৰ চেনিটাইজেশ্যনৰ কাম আৰম্ভ হ’ব যাতে 1 ছেপ্তেম্বৰৰ পৰা বিদ্যালয়খন খুলিব পৰা যায়।

(উত্তম চেৰণপ সৈতে নিলয় ভট্টাচাৰ্যৰ বাৰ্তালাপ)
Published by: Himangshu Bhuyan
First published: August 9, 2020, 10:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি