‘বিশিষ্ট ব্যক্তিসকলৰ সত্কাৰ কৰি মই সুখী’- সুদীৰ্ঘ ৪০ বছৰে মৃতকৰ সত্কাৰ কৰা হীৰামন চৌধুৰীৰ বিষয়ে জানক

হীৰামন চৌধুৰীয়ে সুদীৰ্ঘ ৪০বছৰ ধৰি কৰি আহিছে মৃতদেহৰ সৎকাৰ ৷
হীৰামন চৌধুৰীয়ে সুদীৰ্ঘ ৪০বছৰ ধৰি কৰি আহিছে মৃতদেহৰ সৎকাৰ ৷
- News18 Assam
- Last Updated: November 26, 2020, 10:40 PM IST
হীৰামন চৌধুৰীয়ে সুদীৰ্ঘ ৪০বছৰ ধৰি কৰি আহিছে মৃতদেহৰ সৎকাৰ ৷ ড৹ মামনি ৰয়চম গোস্বামীৰ নশ্বৰ দেহৰ সৎকাৰো কৰিছিল হীৰামন চৌধুৰীয়ে ৷ সৎকাৰ কৰিছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰো নশ্বৰ দেহ ৷ সৎকাৰ কৰিছিল সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, কুকিলকণ্ঠি গায়িকা দীপালী বৰঠাকুৰৰো নশ্বৰদেহ ৷
শিলপুখুৰী নিবাসী হীৰামন চৌধুৰীৰ বয়স এতিয়া ৬৪ বছৰ ৷ ৬৪ বছৰীয়া GMCৰ সহ স্বাস্থ্য পৰিদৰ্শক হীৰামন চৌধুৰীয়ে নিজেই নাজানে আজিলৈকে কিমান কৰিলে সৎকাৰ ৷ বহু কেইগৰাকী বৰেণ্য ব্যক্তিৰ সৎকাৰ কৰি নিজকে কৃতাৰ্থ বুলি ভাৱে হীৰামন চৌধুৰীয়ে।