মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অৱশেষত আপোনজনৰ কাষলৈ যাবলৈ সক্ষম হ'ল চাৰি শতাধিক শ্ৰমিক

অৱশেষত আপোনজনৰ কাষলৈ যাবলৈ সক্ষম হ'ল চাৰি শতাধিক শ্ৰমিক

News18 Assam | News18-Assam
Updated:May 1, 2020, 1:12 PM IST
অৱশেষত আপোনজনৰ কাষলৈ যাবলৈ সক্ষম হ'ল চাৰি শতাধিক শ্ৰমিক
শ্ৰমিক সকলক চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি সকলোকে সুস্থ বুলি প্ৰকাশ কৰি একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰে।

শ্ৰমিক সকলক চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি সকলোকে সুস্থ বুলি প্ৰকাশ কৰি একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰে।

  • Share this:
নাগালেণ্ডৰ পৰা খোজ কাঢ়ি অসমলৈ অহা চাৰি শতাধিক শ্ৰমিক অৱশেষত আপোন গৃহলৈ যাবলৈ সক্ষম হ'ল। মৰিয়নীৰ নকছাৰীত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত ৯ দিন থকাৰ পাছত শ্ৰমিকসকলক প্ৰশাসনে বাছেৰে নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা  কৰে। নগালেণ্ডৰ বিভিন্ন কয়লা খনিত কৰ্মৰত শ্ৰমিকসকল গোলাঘাট, তিতাবৰ, বৰহোলা, বোকাজান, কাৰ্বি আংলং, ডিফু, উৰিয়ামঘাট, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, এইসকল শ্ৰমিক ৰেড জ’ন এলেকাত অন্তৰ্ভুক্ত নোহোৱা নাগালেণ্ডৰ পৰা অহা বাবে শ্ৰমিকসকলক যোৰহাট জিলা প্ৰশাসনে ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ পৰিৱৰ্তে তিনিখন বিদ্যালয় আৰু এখন মহাবিদ্যালয়ত আশ্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। শ্ৰমিক সকলক চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি সকলোকে সুস্থ বুলি প্ৰকাশ কৰি একোখনকৈ প্ৰমান পত্ৰ প্ৰদান কৰে।

আনহাতে, আশ্ৰয় শিবিৰত থকা শ্ৰমিকসকল আপোন ঘৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিছিল। ইফালে লকডাউনৰ মাজতে অসম চৰকাৰে আন্তঃজিলা যাতায়াত মুকলি কৰাত শ্ৰমিকসকল ঘৰলৈ যোৱাৰ বাট মুকলি হয়। বৃহস্পতিবাৰে বিয়লি তিতাবৰ মহকুমা প্ৰশাসনে ১৮খন বাছেৰে চাৰি শতাধিক শ্ৰমিকক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।

নাগালেণ্ডৰ কৰ্মস্থলীত খাদ্য আৰু বাসস্থানৰ অভাৱত পৰি ভোকে–লোঘোনে খোজকাঢ়ি আহি বিগত ৯-১০ দিন আশ্ৰয় শিবিৰত থকা শ্ৰমিকসকল অৱশেষত আপোন ঘৰখন আৰু আপোন মানুহবোৰৰ কাষলৈ যাবলৈ পোৱাৰ আনন্দত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়।
Published by: Sanjay Kumar Das
First published: May 1, 2020, 1:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি