দিল্লীৰ দুজন অসমীয়া সাংবাদিকৰ তৎপৰতাত বাছেৰে অসমলৈ আহিবলৈ সক্ষম হ’ল প্ৰায় ৪০০ লোক

News18 Assam | News18-Assam
Updated:May 23, 2020, 10:47 PM IST
দিল্লীৰ দুজন অসমীয়া সাংবাদিকৰ তৎপৰতাত বাছেৰে অসমলৈ আহিবলৈ সক্ষম হ’ল প্ৰায় ৪০০ লোক
পোনতে অসমলৈ যাব বিচৰা ৮০০ লোকৰ এখন তালিকা প্রস্তুত কৰা হৈছিল। আৰু পৰ্যায়ক্ৰমে তেওঁলোকক অসমলৈ পঠিয়াই থকা হৈছে।

পোনতে অসমলৈ যাব বিচৰা ৮০০ লোকৰ এখন তালিকা প্রস্তুত কৰা হৈছিল। আৰু পৰ্যায়ক্ৰমে তেওঁলোকক অসমলৈ পঠিয়াই থকা হৈছে।

  • Share this:
তলাবন্ধৰ এই জটিল সন্ধিক্ষণত দিল্লীত আবদ্ধ হৈ থকা অসমীয়াৰ এটাই চিন্তা – কেতিয়া নিজ ঘৰখন দেখিমগৈ। তলাবন্ধৰ পূৰ্বে বিভিন্ন কামত দিল্লীলৈ অহা আৰু দিল্লীত অস্থায়ীভাৱে থকা লোকসকল তলাবন্ধৰ ফলত আবদ্ধ হৈ পৰিল স্তব্ধ মহানগৰীত। দিন বাগৰাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ নামি আহিল অনিশ্চয়তা। খাদ্য আৰু ধনৰ অভাৱত দিশহাৰা হৈ পৰিল এইসকল লোক। অসমত আপোনজনৰ কাষ চপাৰ প্ৰবল ইচ্ছাই হতাশা নমাই আনিলে। তেনেতে এইলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল দিল্লীত থকা অসমৰ দুই সাংবাদিক ক্ৰমে প্ৰাঞ্জল প্ৰতিম দাস আৰু সাৰস্বত গোস্বামী। গুৱাহাটীৰ দুটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত দুয়োগৰাকী।

অসম ভৱনৰ সহযোগত আৰু দিল্লীৰ অসমীয়াৰ বেচৰকাৰী প্ৰতিষ্ঠান সৃষ্টিৰ সহায়ত তেওঁলোকে লোকসকলক বাছেৰে পঠিয়াবলৈ আৰম্ভ কৰিলে। দিল্লীত থকা উদ্যোগী যুৱক শান্তনু কলিতায়ো সাংবাদিকদ্বয়ক সহায় কৰিবলৈ আগবাঢ়ি আহে।

প্ৰাঞ্জলৰে সৈতে হোৱা টেলিফোনৰ বাৰ্তালাপত সাংবাদিকগৰাকীয়ে কয় – তেওঁক যেতিয়া আবদ্ধ হৈ থকা লোকে ফোন কৰি ঘৰলৈ কেনেকৈ যাব পৰা যায় সেই কথা সোধে; তেওঁৰ কোনো উত্তৰ নাছিল। শ্ৰমিক এক্সপ্রেছত যোৱাৰ প্ৰক্ৰিয়াটোও বৰ সহজ নহয়, তাতকৈ জটিল ৰে’লৰ টিকেট কৰাটো। গতিকে এওঁলোকক বাছেৰে প্ৰেৰণ কৰিবলৈ এই ব্যৱস্থা আৰম্ভ কৰা হল। প্ৰাঞ্জলে লগতে কয় এতিয়ালৈ ১৩খন বাছত প্ৰায় ৪০০ লোক অসমলৈ ৰাওনা হ’ল।

আনহাতে সাৰস্বত গোস্বামীয়ে লোকসকল অসমলৈ ঘূৰি যোৱাত সমালোচনা কৰা সকলক প্ৰত্যুত্তৰ দি কয়  অসমৰ মানুহ অসমলৈ নগৈ ক’ত যাব? নিজ ঘৰলৈ যোৱাৰ সকলোৰে অধিকাৰ আছে। তেওঁ লগতে কয় – তেওঁলোকৰ বাছেৰেই দিল্লীত উদ্ধাৰ হোৱা সন্তোষ বৰাও ঘৰলৈ ৰাওনা হৈছে।

পোনতে অসমলৈ যাব বিচৰা ৮০০ লোকৰ এখন তালিকা প্রস্তুত কৰা হৈছিল। আৰু পৰ্যায়ক্ৰমে তেওঁলোকক অসমলৈ পঠিয়াই থকা হৈছে। চৰকাৰে বান্ধি দিয়া সকলো নিয়ম মানি তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। সাংবাদিক দুজনে যাত্ৰী সকলক খাদ্য ক্ৰয় কৰি যোগান ধৰাৰ পৰা বাছত বহুৱাই দিয়ালৈ সকলো কাম কৰিছে বুলি জানিবলৈ দিয়ে অসম ভৱনৰ এজন বিষয়াই।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading