উত্তৰ প্ৰদেশৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে ৰঙিয়াৰ লাহাপাৰাত প্ৰতিবাদ, ধর্ষণকাৰীৰ ফাঁচিৰ দাবীত ABMSUৰ প্ৰতিবাদী সমদল

News18 Assam | News18-Assam
Updated:October 5, 2020, 9:11 PM IST
উত্তৰ প্ৰদেশৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে ৰঙিয়াৰ লাহাপাৰাত প্ৰতিবাদ, ধর্ষণকাৰীৰ ফাঁচিৰ দাবীত ABMSUৰ প্ৰতিবাদী সমদল
উত্তৰ প্ৰদেশৰ ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে।

উত্তৰ প্ৰদেশৰ ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে।

  • Share this:
উত্তৰ প্ৰদেশৰ দেশ কঁপোৱা ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে ৰঙিয়াৰ লাহাপাৰাত প্ৰতিবাদ। ধর্ষণকাৰীৰ ফাঁচিৰ দাবীত ABMSUৰ প্ৰতিবাদী সমদল। উত্তৰ প্ৰদেশৰ ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশত জোকাৰণিৰ সৃষ্টি কৰি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ বিধায়কে ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ প্ৰদানৰ বাবে সমদল উলিয়াই গণতন্ত্ৰ বিৰোধী স্থিতি লোৱাৰ অভিযোগ উত্থাপন কৰি ABMSU য়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে মমবাতি লৈ যোগী‌ আদিত্য নাথ মুৰ্দাবাদ, উত্তৰ প্ৰদেশ চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হায় হায়, ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে ABMSU–এ।
Published by: Sanjay Kumar Das
First published: October 5, 2020, 9:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading