• Home
  • »
  • News
  • »
  • assam
  • »
  • Abir India: যুৱ শিল্পীৰ বাবে সোণালী সুযোগ, আবিৰ ইণ্ডিয়াৰ বাৰ্ষিক কলা উৎসৱত অংশগ্ৰহণৰ বাবে আবেদন আহ্বান

Abir India: যুৱ শিল্পীৰ বাবে সোণালী সুযোগ, আবিৰ ইণ্ডিয়াৰ বাৰ্ষিক কলা উৎসৱত অংশগ্ৰহণৰ বাবে আবেদন আহ্বান

আবিৰ ইণ্ডিয়া হৈছে ২০১৬ চনত চিত্ৰশিল্পী, ডিজাইনাৰ ৰুবী জাগ্ৰুটৰ দ্বাৰা আৰম্ভ কৰা আহমেদাবাদস্থিত এক নন–প্ৰফিট ফাউণ্ডেচন।

আবিৰ ইণ্ডিয়া হৈছে ২০১৬ চনত চিত্ৰশিল্পী, ডিজাইনাৰ ৰুবী জাগ্ৰুটৰ দ্বাৰা আৰম্ভ কৰা আহমেদাবাদস্থিত এক নন–প্ৰফিট ফাউণ্ডেচন।

আবিৰ ইণ্ডিয়া হৈছে ২০১৬ চনত চিত্ৰশিল্পী, ডিজাইনাৰ ৰুবী জাগ্ৰুটৰ দ্বাৰা আৰম্ভ কৰা আহমেদাবাদস্থিত এক নন–প্ৰফিট ফাউণ্ডেচন।

  • Share this:

আবিৰ ইণ্ডিয়া ফাউণ্ডেচনে (Abir India Foundation) তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠান ফাৰ্ষ্ট টেক (First Take 2021) ২০২১ৰ বাবে যুৱ ভাৰতীয় শিল্পীসকলক তেওঁলোকৰ আবেদন প্ৰেৰণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। আবেদনৰ বাবে ২৫ জুলাই, ২০২১লৈকে তাৰিখ দিয়া হৈছে। এক বিশিষ্ট জুৰী পেনেলৰ দ্বাৰা বাছনি কৰাৰ পিছত শ্ৰেষ্ঠ ১০গৰাকী নিৰ্বাচিত শিল্পীক এক প্ৰদৰ্শনীত পুৰস্কৃত কৰা হ'ব। শিল্পীসকলে আবেদনৰ বাবে অধিক তথ্য জানিবলৈ এই লিংকটো abirindia.org চাবলৈ আহ্বান জনোৱা হৈছে।


উল্লেখ্য, আবিৰ ইণ্ডিয়া ফাউণ্ডেচনৰ এইটো পঞ্চম সংস্কৰণ। ইয়াৰ পূৰ্বৰ অন্তিম চাৰিটা সংস্কৰণৰ জৰিয়তে আবিৰ ইণ্ডিয়াই ৮০০০তকৈও অধিক আবেদন লাভ কৰিছিল আৰু ইয়ৰ ভিতৰত ৫০০গৰাকী শিল্পীৰ সৃষ্টি বাছনি কৰাৰ লগতে ৩২গৰাকী শিল্পীক পুৰস্কৃত কৰা হৈছিল। ভাৰতৰ ৪৭৩টাতকৈও অধিক পিনকোডৰ পৰা আহিছিল এই আবেদন, যাৰ ভিতৰত আছিল কোচবিহাৰ, গুলবাৰ্গা, য়াৱতমল, ইম্ফল, শিলিগুৰি আৰু মাৰগাঁৱৰ দৰে স্থান। বিগত প্ৰতিযোগিতাসমূহৰ জুৰীত মল্লিকা চাৰাভাই, বৃন্দা মিলাৰ, সুবোধ কেৰকাৰ, বীৰ মুন্সী, মুজাফ্ফৰ আলী, সীমা কোহলিৰ দৰে বিশিষ্ট ব্যক্তিসকল অন্তৰ্ভুক্ত আছিল।


উল্লেখ্য, শিল্পীসকলে চিত্ৰাংকন, ভাস্কৰ্য, চিৰামিক, মিশ্ৰিত মাধ্যম আৰু প্ৰিণ্টত প্ৰবিষ্টি দাখিল কৰিছে। আবিৰ ইণ্ডিয়াই স্পষ্ট কৰি দিছে যে উচ্চ মানৰ প্ৰথম টেক শ্ব'টোৱে (FIRST TAKE 2021) নিশ্চিতভাৱে যুৱ শিল্পীসকলৰ উৎসাহ পুনৰুজ্জীৱিত কৰিব আৰু ক্ষেত্ৰখন এক নতুন আশাৰ ৰশ্মি হৈ পৰিব।


উল্লেখ্য, আবিৰ ইণ্ডিয়া হৈছে ২০১৬ চনত চিত্ৰশিল্পী, ডিজাইনাৰ ৰুবী জাগ্ৰুটৰ দ্বাৰা আৰম্ভ কৰা আহমেদাবাদস্থিত এক নন–প্ৰফিট ফাউণ্ডেচন। যুৱ শিল্পীসকলক উৎসাহিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ফাউণ্ডেচনটোৱে শিল্পীসকলক তেওঁলোকৰ দিগন্ত সম্প্ৰসাৰিত কৰাত সহায় কৰে। অধিক তথ্যৰ বাবে 9099506989 নম্বৰত শ্ৰীমতী হেলি পেটেলৰ সৈতে যোগাযোগ কৰিব পাৰে অথবা office@abirspace.comত ইমেইল কৰিব পাৰে।

Published by:Gautam Barman
First published: