মুখ্যপৃষ্ঠা »খবৰ »অসম »National Drama Festival: ফুলবাৰীত অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ অহা ২৮ অক্টোবৰৰ পৰা 

National Drama Festival: ফুলবাৰীত অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ অহা ২৮ অক্টোবৰৰ পৰা 

মঞ্চস্থ হ'ব পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলৰ নাট 

মঞ্চস্থ হ'ব পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলৰ নাট 

  • Share this:

লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অহা ২৮, ২৯, ৩০ আৰু ৩১ অক্টোবৰ, ২০২১ তাৰিখে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ (National Drama Festival) ৷ অভিনৱ থিয়েটাৰে অয়োজন কৰা এই নাট মহোৎসৱত ভাৰতৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাটক মঞ্চস্থ কৰিব৷


গাঁৱৰ  পৰিৱেশত প্ৰছেনিয়াম মঞ্চত প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা  প্ৰদর্শন কৰা হ'ব দুখনকৈ নাটক ৷ এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত ২৮ অক্টোবৰৰ সন্ধিয়া  কলকাতাৰ দক্ষিণেশ্বৰ সংকেত নাট্য দলে প্ৰিয়াংকু ৰয়ৰ পৰিচালনাৰ বাঙালী ভাষাৰ নাটক “ৰুপাই চাজু” আৰু অভিনৱ থিয়েটাৰৰ দ্বাৰা দয়াল কৃষ্ণ নাথৰ পৰিচালনাত হিন্দী নাটক “কৰোৱা চচ” মঞ্চস্থ হ'ব ৷


২৯ অক্টোবৰৰ সন্ধিয়া  পশ্চিমবংগৰ শ্ৰীয়ামপুৰ তপস্য গোষ্ঠীয়ে লুম্বিনী কুণ্ডুৰ পৰিচালনাত বাঙালী ভাষাৰ  নাটক “বিৰহিনী” উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শান্তি কালচাৰেল ফাউণ্ডেচনৰ দ্বাৰা জয় ভাৰতীৰ পৰিচালনাত হিন্দী নাটক “চলিলকুইষ্ট” আৰু  ধেমাজি জিলাৰ গোগামুখৰ দৌমৰ নাট্য গোষ্ঠীৰ দ্বাৰা  প্ৰবীণ দলেৰ পৰিচালনাত মিচিং ভাষাৰ নাটক “মৰৌ” মঞ্চস্থ কৰা হ'ব ৷


৩০ অক্টোবৰৰ সন্ধ্যা বিহপুৰীয়াৰ ৰুদ্ৰাক্ষ নাট্য গোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কাকতিৰ পৰিচালনাত অসমীয়া ভাষাৰ নাটক “ঈশ্বৰৰ সন্ধানত” ত্ৰিপুৰাৰ আগৰতলাৰ কলাভূমিৰ দ্বাৰা বিদ্যুৎজিৎ চক্ৰৱৰ্তীৰ পৰিচালনাত মঞ্চস্থ হ'ব বাঙালী ভাষাৰ  নাটক “অন্তৰ দহন” ৷


৩১ অক্টোবৰৰ সন্ধিয়া পশ্চিমবঙ্গৰ গোবৰদাংগা মৃদংগমৰ দ্বাৰা কুশল ডেকাৰ পৰিচালনাত বাঙালী ভাষাৰ  নাটক “চায়াঁকৃত” আৰু বিহাৰৰ বেগুচৰাইৰ আশীৰ্বাদ ৰংমণ্ডলৰ দ্বাৰা অমৃত ৰৌচনৰ পৰিচালনাত হিন্দী নাটক “কথাকৰজ”মঞ্চস্থ হ'ব ৷


প্ৰৱেশ পত্ৰৰ বাবে ৭০০২৭২৮৩৯৪ নম্বৰ ম’বাইলত যোগাযোগ কৰিবলৈ অভিনৱ থিয়েটাৰৰ সম্পাদক দয়ালকৃষ্ণ নাথে আহ্বান জনাইছে৷

শেহতীয়া বাতৰি