"মই প্ৰকৃতিস্থ হ'ব পৰা নাই ৷ এটা ক্ৰিয়াই, জানেনে এটা ক্ৰিয়াই মোক বাৰুকৈয়ে পীড়া দিছে৷ মই কান্দিবও পৰা নাই, মই হাঁহিবও নোৱাৰোঁ ৷ মই যদি কান্দো মোৰ পৰিবাৰৰ কি হ'ব! মই তেওঁক সাহস দিবলৈকে কান্দিব নোৱাৰা হ'লোঁ ৷" -এয়া এজন পুত্ৰহাৰা পিতৃৰ মৰ্মবেদনা, যাক উপলব্ধি কৰিব পাৰি অথচ চুই চাব নোৱাৰি ৷
অভি-নীল (Abhi-Nil) ৷ চাৰে তিনিবছৰ পূৰ্বে কাৰ্বি আংলঙত এসোপা নৰপিশাচে হত্যা কৰিছিল দুই সম্ভাৱনা অভি-নীলক (Karbi Anglong lynching) ৷ ২০১৮ চনৰ ৮ জুনত নিজ পুত্ৰ অভিক হেৰুওৱা পিতৃ অজিত নাথ সোমবাৰে সংঘটিত যোৰহাটৰ ঘটনাক লৈ বাৰুকৈয়ে ব্যথিত ৷ চাৰে-তিনি বছৰ হৈ গ'ল এতিয়ালৈকে ন্যায় নাপালে অভিজিত আৰু নীলৰ পৰিয়ালে ৷
যি সময়ত যোৰহাটত অনিমেষক মানুহ ৰূপী এসোপা দানৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Jorhat Mob Lynching), সেই সময়ত নিজ পুত্ৰৰ ন্যায়ৰ অপেক্ষাত নগাঁও আদালতত আছিল অভি-নীলৰ পিতৃ ৷ নিশা ঘৰলৈ আহি চাব পৰা নাছিল অভিৰ সমতুল্য অনিমেষৰ মৃত্যুৰ বাতৰি ৷
"খবৰ শুনিয়েই উৰি যাব খুজিছিলোঁ মই যোৰহাটলৈ ৷ চাব পৰা নাছিলো ভিডিঅ'টো ৷ অভিক হত্যা কৰাৰ ভিডিঅ' মই দেখিছোঁ ৷ কিন্তু অনিমেষৰ ভিডিঅ'টো চাব নোৱাৰিলোঁ অ' মই ৷ মই জানো, মোৰ অভিৰ দৰে অনিমেষো (Animesh Bhuyan) বৰ অসহায় আছিল সেই সময়ত ৷ কালি আদালতৰ পৰা আহিছিলোঁহে আমি ৷ আদালতলৈকে গৈ আছোঁ৷" অজিত নাথে এইদৰে কয়।
কি ঝংকাৰ শইকীয়া, কি দেৱেন দত্ত ৷ কি দেৱাশিস গগৈ, কি ঋতুপৰ্ণা পেগু ৷ প্ৰতিনিয়ত ঘটি গৈছে এনে ঘটনা ৷ জাহ্নৱী গগৈক মনত আছেনে? ৰমজান মাহত টিভিত ৰামায়ণ চোৱাৰ বাবে গণ প্ৰহাৰৰ বলি হৈছিল জাহ্নৱী ৷ হাজোৰ সনাতন ডেকাকো এজাক নৰপিশাচে হত্যা কৰাও কিমাননো দিন হ'ল?
কিন্তু ন্যায়? অভি-নীলৰ ঘটনাই যি সমগ্ৰ দেশ জোকাৰি গৈছিল সেই অভি-নীলৰ পিতৃয়েই নাই পোৱা আজি পৰ্যন্ত ন্যায় ৷ এতিয়াও সাক্ষ্যগ্ৰহণেই সম্পূৰ্ণ হোৱা নাই অভি-নীল হত্যাকাণ্ডৰ ৷
"সাক্ষ্য গ্ৰহণেই শেষ হোৱা নাই ৷ আমাক আকৌ এটা তাৰিখ দিছে ২০ ডিচেম্বৰ ৷ ইমান অপেক্ষা কেনেকৈ সম্ভৱ ৷ মই এটা কথাই ভাবোঁ, অনিমেষৰ ঘটনাটোৰ ন্যায় প্ৰক্ৰিয়া ছমাহতে শেষ হওক ৷ যদি অভি-নীলৰ হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি পালেহেঁতেন, যোৰহাটৰ নৰাধমবোৰে অনিমেষক মৰাৰ সাহস কৰিব নোৱাৰিলেহেঁতেন ৷" -পৰিতাপেৰে ক'লে অভিজিতৰ পিতৃ অজিত কুমাৰ নাথে ৷
অভি আৰু নীলৰ পিতৃৰ দাবী শীঘ্ৰেই ফাষ্টট্ৰেক আদালত(Fast track court)ত হ'ব লাগে বিচাৰ প্ৰক্ৰিয়া ৷ অনিমেষৰ পৰিয়ালে পাব লাগে ন্যায় ৷ নিজকে প্ৰকৃতিস্থ হ'ব পৰা নাই বুলি ক'লেও অনিমেষৰ পৰিয়ালক সাহস যোগাবলৈ সাজু অভিজিৎ নাথৰ পিতৃ অজিত নাথ ৷ বুকুত এচপৰা শিল ৰাখি অভিৰ পিতৃ যাব অনিমেষৰ পৰিয়ালৰ কাষলৈ ৷ যোগাব সাহস ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|