লেহেমীয়া গতিত চলিছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

২০১৮ চনৰ ৮ জুনত সংঘটিত এই জঘন্য ঘটনাত জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছিল যদিও সেয়া দুবছৰ উকলি যোৱাৰ পিছতো সম্ভৱ হৈ উঠা নাই।
২০১৮ চনৰ ৮ জুনত সংঘটিত এই জঘন্য ঘটনাত জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছিল যদিও সেয়া দুবছৰ উকলি যোৱাৰ পিছতো সম্ভৱ হৈ উঠা নাই।
- News18 Assam
- Last Updated: June 1, 2020, 8:51 PM IST
বিশেষকৈ ২০১৮ বৰ্ষতে কাৰ্বি আংলঙৰ ডকমকাত গণ প্ৰহাৰৰ বলি হৈ কৰুণভাৱে মৃত্যুক সাবতি লোৱা শিল্পী নীলোৎপল দাস আৰু উদীয়মান যুৱক অভিজিৎ নাথৰ হত্যাকাণ্ডত জড়িত দোষীয়ে আজিও শাস্তি পোৱা নাই। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত বৰ্তমানে বিচাৰ প্ৰক্ৰিয়া চলি থকা গোচৰটোত আচামীপক্ষৰ দুগৰাকী কনিষ্ঠ অধিবক্তাই আনকি সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰো অভিযোগ তুলি নীল-অভিৰ পিতৃ-মাতৃয়ে গোচৰ ৰুজু কৰিছে। আনকি গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াও যথেষ্ট লেহেমীয়া গতিত চলিছে বুলিও কিছূদিন পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ উত্থাপন কৰিছিল দূৰ্ভগীয়া নীল-অভিৰ পৰিয়ালে।
উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ জুনত সংঘটিত এই জঘন্য ঘটনাত জড়িতসকলক কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছিল যদিও সেয়া দুবছৰ উকলি যোৱাৰ পিছতো সম্ভৱ হৈ উঠা নাই। ইতিমধ্যে গোচৰটোত জড়িত আচামী পক্ষৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া। উল্লেখযোগ্য যে লকডাউনৰ বাবে প্ৰায় দুমাহ ধৰি বিচাৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰাৰ লগতে গোচৰটোত জড়িত ৭২জন সাক্ষীৰ মাত্ৰ ২২জনৰহে সাক্ষ্য গ্ৰহণ কৰা হৈছে।