ভাৰত-বাংলাদেশ সীমান্তত ইলেক্ট্ৰনিক দেৱাল দিয়াৰ দাবী বৰপেটাৰ সাংসদ আব্দুল খালেকৰ
ভাৰত-বাংলাদেশ সীমান্তত ইলেক্ট্ৰনিক দেৱাল দিয়াৰ দাবী বৰপেটাৰ সাংসদ আব্দুল খালেকৰ
বিপুল বৰ্মন: প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। গতিকে এতিয়া পৰা ৰাজ্যত বাংলাদেশীৰ নামত ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনালে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ।
৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহু ভাৰতীয় নাগৰিক বঞ্চিত হৈছে, সেই বুলিয়েই NRC ক বিৰোধিতা কৰাটো দুৰ্ভাগ্যজনক বুলি কয় বৰপেটা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে।
NRC ক জাতীয়, সাংবিধানিক আৰু ঐতিহাসিক দলিল আখ্যা দিছে আব্দুল খালেকে। জাতীয় দলিল সদৃশ NRCক বিৰোধিতা কৰা সকলে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে বুলিও কয় সাংসদ গৰাকীয়ে। কাৰোৱাৰ ভিত্তি বৰ্ষক লৈ কিবা আপত্তি থাকিলে সেয়া আগতীয়াকৈ সৰ্বোচ্চ ন্যায়ালয়ত জনাব লাগিছিল বুলি কয় সাংসদ গৰাকীয়ে।
অসমৰ এন আৰ চিকলৈ বিদেশ ৰাষ্ট্ৰ বিশেষকৈ পাকিস্তানেও মূৰ ঘমাব নালাগে বুলি সংবাদ মেলত জনাই বৰপেটাৰ সাংসদগৰাকীয়ে। অসমৰ ভাৰত-বাংলাদেশ সীমান্তত ইলেক্ট্ৰনিক দেৱাল দিয়াৰ বাবে দাবী জনাই কংগ্ৰেছ নেতা গৰাকীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|