• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ হিচাপে চিহ্নিত হোৱা ‘জুপুৰি ঘৰ’ এতিয়া পৰিত্যক্ত

কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ হিচাপে চিহ্নিত হোৱা ‘জুপুৰি ঘৰ’ এতিয়া পৰিত্যক্ত

২০০৭ চনতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰা পৰ্যটক নিবাসটো ব্যক্তিগত খণ্ডৰ যোগেদি চলাই আছিল অসম পৰ্যটন বিভাগে৷

২০০৭ চনতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰা পৰ্যটক নিবাসটো ব্যক্তিগত খণ্ডৰ যোগেদি চলাই আছিল অসম পৰ্যটন বিভাগে৷

২০০৭ চনতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰা পৰ্যটক নিবাসটো ব্যক্তিগত খণ্ডৰ যোগেদি চলাই আছিল অসম পৰ্যটন বিভাগে৷

  • Share this:
ভূত বাংলালৈ ৰূপান্তৰিত হৈছে কাজিৰঙাৰ এটা পৰ্যটন নিবাস। হাবি–জংঘলে আৱৰি ধৰাৰ লগতে ক্ৰমাৎ জহি খহি গৈছে পৰ্যটন নিবাসটোৰ দহটাকৈ অটকধুনীয়া কটেজ। ৰাজ্য চৰকাৰৰ বাবে এলাগী হৈ পৰিল এসময়ৰ কাজিৰঙাৰ পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা "জুপুৰি ঘৰ" নামৰ অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ পৰ্যটন নিবাসটো।

কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ হিচাপে চিহ্নিত হোৱা জুপুৰি ঘৰ এতিয়া  ধ্বংসৰ গৰাহত৷ উল্লেখযোগ্য, অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনস্থ "জুপুৰি ঘৰ" নামৰ পৰ্যটক নিবাসটোও চৰকাৰ অৱহেলাৰ বাবে জহি–খহি যোৱাৰ উপক্ৰম হৈছে৷ আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি বাঁহেৰে নিৰ্মিত অসম আৰ্হিৰ দহটা কটেজেৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা জুপুৰি ঘৰ আছিল দেশী–বিদেশী পৰ্যটকৰ বাবে অতি আকৰ্ষণীয়৷

২০০৭ চনতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰা পৰ্যটক নিবাসটো ব্যক্তিগত খণ্ডৰ যোগেদি চলাই আছিল অসম পৰ্যটন বিভাগে৷ য’ত ৩০জনতকৈ অধিক স্থানীয় যুৱক–যুৱতীয়ে সংস্থাপন লাভ কৰিছিল৷ কিন্তু ২০১৭ চনত ব্যক্তিগত খণ্ডৰ লগত চুক্তিৰ ম্যাদ অন্ত পৰাৰ পাছতে তলা ওলমিল ‘জুপুৰিঘৰ’ত ৷ এতিয়া প্ৰায় ৪টা বছৰ অৱহেলিতভাৱে পৰি থকা ঘৰটোত এতিয়া ভূতবাংলাসদৃশ পৰিৱেশ৷

হাবি–জংঘলে আৱৰি ধৰিছে আটকধুনীয়া কটেজসমূহ৷ জহি–খহি গৈছে পৰ্যটক নিবাসটোৰ প্ৰতিটো কটেজৰ লগতে আচবাব৷ এনেক্ষেত্ৰত ৰাজহুৱা সম্পত্তিৰ এনে অৱক্ষয়ৰ বিৰোদ্ধে ক্ষোভ উজাৰিছে স্থানীয় লোকৰ লগতে দল–সংগঠনে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ দাবী, চৰকাৰে অতি সোনকালে পৰ্যটন নিবাসটো পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰি ৰাজহুৱা সম্পত্তি সংৰক্ষণ কৰাৰ লগতে স্থানীয় যুৱক–যুৱতীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি