নগাঁৱত বুদ্ধিজীৱিৰ ঘৰত বোমাতংক, উপস্থিত আৰক্ষী

News18 Assam | News18-Assam
Updated:February 10, 2020, 4:47 PM IST
নগাঁৱত বুদ্ধিজীৱিৰ ঘৰত বোমাতংক, উপস্থিত আৰক্ষী
পৰিত্যক্ত বেগত ওলাল কি?

পৰিত্যক্ত বেগত ওলাল কি?

  • Share this:
বিশিষ্ট সাহিত্যিক তথা বাওপন্থী ভাৱধাৰাৰ লেখক ড° জ্যোতিৰ্ময় জানাৰ নগাঁও মধুপুৰস্থিত বাসগৃহত অচিন লোকে এৰি থৈ যোৱা এটা পৰিত্যক্ত বেগক কেন্দ্ৰ কৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

আজি পুৱা কোনো অচিন লোকে এৰি থৈ যোৱা বেগটো প্ৰত্যক্ষ কৰাৰ লগে লগে ড° জানাই নগাঁও আৰক্ষীক খবৰ দিয়ে। পিছে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বেগটোৰ ভিতৰত ৰচী আৰু হোৱাইট টেপৰ ৰোল হে উদ্ধাৰ কৰে। আৰক্ষীৰ মতে কোনো দুষ্ট চক্ৰই ভীতি প্ৰদৰ্শন কৰাৰ বাবেই এই কুকাৰ্য সংঘটিত কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি