শিৱসাগৰ জিলাৰ হাঁহচ'ৰা নগা গাঁৱত কালি নিশা হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত নিহত হয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত সন্দিকৈৰ। চাৰিচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰাৰ পিছত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় জয়ন্ত সন্দিকৈ।
ঘটনাৰ বিৱৰণী অনুসৰি, সন্দিকৈয়ে আন দিনাৰ দৰে সংগঠন আৰু ব্যক্তিগত কাম-কাজ সামৰি ঘৰলৈ গৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰি বিছনাত পৰে ৷ তেনেতে জয়ন্ত সন্দিকৈক কোনো লোকে সহায় বিচাৰি মাতি পঠিওৱাত শোৱাপাটী এৰি সেই স্থানলৈ গৈ থাকোঁতে সন্দিকৈয়ে চলাই যোৱা বাহনখন হঠাৎ দুৰ্ঘটনাত পতিত হয় ৷ ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷
সন্দিকৈয়ে সুদীৰ্ঘ ২৫ বছৰ কাল আটাছুৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল ৷ ইতিপূৰ্বে শিৱসাগৰ মহকুমা সমিতিৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰি পৰৱৰ্তী সময়ত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিল ৷ তাৰ পিছতে ২০২০ চনত জয়ন্ত সন্দিকৈয়ে শিৱসাগৰ জিলা সমিতিৰ সভাপতিৰ দায়িত্ব লয় আৰু মৃত্যুৰ সময়লৈকে জিলা সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত আছিল ৷
হাঁহচৰা বোকানগৰৰ প্ৰয়াত হেমচন্দ্ৰ সন্দিকৈ আৰু গুণপ্ৰভা সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ জয়ন্তৰ মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে ৷ আটাছু নেতাজনৰ মৃত্যুত অসম তথা শিৱসাগৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আগবেলা জয়ন্ত সন্দিকৈৰ নশ্বৰ দেহ লৈ শিৱসাগৰ চহৰ আৰু সমীপৱৰ্তী এলেকাত ভ্ৰমণ কৰাৰ পিছতে আটাছুৰ শিৱসাগৰ জিলা কাৰ্যালয় চৌহদলৈ নি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "জয়ন্ত সন্দিকৈৰ অকাল মৃত্যু আমাৰ সংগঠনৰ বাবে এক ভাবিব নোৱাৰা আঘাত। আমি ভাষাৰে বুজাব নোৱাৰোঁ। " - এই মন্তব্য আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁইৰ ।
আনহাতে জয়ন্ত সন্দিকৈৰ মৃত্যুত আটাছুৰ প্ৰতিখন জিলা সমিতিয়ে তিনিদিনীয়াকৈ শোক দিৱস পালনৰ লগতে দহ দিনলৈকে সকলো কাৰ্যসূচী বাতিল কৰা হৈছে বুলি সদৰী কৰে কেন্দ্ৰীয় যুটীয়া সম্পাদক মনোজ গগৈয়ে। নেতাজনৰ মৃত্যুত আটাছুৰ কাৰ্যকৰী সভাপতি বসন্ত গগৈ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়া, ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা, সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি দেৱজ্যোতি দত্ত, তাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱজিত দত্ত, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া, আছু, অৰুণোদই শাখা সাহিত্য সভাকে ধৰি শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
আজি জন্মস্থান হাঁহচৰা বোকানগৰত অগণন গুণমুগ্ধৰ উপস্হিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে আজি সন্ধিয়া জিলাখনৰ বিভিন্ন স্থানৰ লগতে শিমলুগুৰি মছজিদ তিনিআলিত তাই আহোম ছাত্ৰ সন্থাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে ছাত্ৰ নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|