মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বজাৰত উপলদ্ধ বগা ৰঙৰ আটাৰ নামত আপুনি খাইছে নেকি বৰবিহ ? চাওক আটাৰ মাজত কেনেদৰে ওলাইছে ৰবৰ আৰু প্লাষ্টিকৰ দৰে দ্ৰব্য যি টানিলে দীঘল হয়...

বজাৰত উপলদ্ধ বগা ৰঙৰ আটাৰ নামত আপুনি খাইছে নেকি বৰবিহ ? চাওক আটাৰ মাজত কেনেদৰে ওলাইছে ৰবৰ আৰু প্লাষ্টিকৰ দৰে দ্ৰব্য যি টানিলে দীঘল হয়...

News18 Assam | News18-Assam
Updated:August 2, 2021, 12:49 PM IST
বজাৰত উপলদ্ধ বগা ৰঙৰ আটাৰ নামত আপুনি খাইছে নেকি বৰবিহ ? চাওক আটাৰ মাজত কেনেদৰে ওলাইছে ৰবৰ আৰু প্লাষ্টিকৰ দৰে দ্ৰব্য যি টানিলে দীঘল হয়...
ধুবুৰীৰ তামাৰহাটত ভেজাল আটাৰ ৰমৰমীয়া বেহা। বজাৰৰ পৰা আটা ক্ৰয় কৰি আটাৰ মাজত প্লাষ্টিক সদৃশ দ্ৰব্যৰ সংমিশ্ৰণ দেখা পাই গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ।

ধুবুৰীৰ তামাৰহাটত ভেজাল আটাৰ ৰমৰমীয়া বেহা। বজাৰৰ পৰা আটা ক্ৰয় কৰি আটাৰ মাজত প্লাষ্টিক সদৃশ দ্ৰব্যৰ সংমিশ্ৰণ দেখা পাই গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ।

  • Share this:
ধুবুৰীৰ তামাৰহাটত ভেজাল আটাৰ ৰমৰমীয়া বেহা। বজাৰৰ পৰা আটা ক্ৰয় কৰি আটাৰ মাজত প্লাষ্টিক সদৃশ দ্ৰব্যৰ সংমিশ্ৰণ দেখা পাই গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ।

শনিবাৰে তামাৰহাট থানাৰ অন্তৰ্গত উজান পেটলা ১ম খণ্ড গাৱৰ সাহানুৰ মণ্ডলে তামাৰহাট বজাৰৰ পৰা দুই কেজি আটা ক্ৰয় কৰি ঘৰলৈ লৈ আনে। দেওবাৰে পুৱা সেই আটাখিনিৰ ৰুটি বনাওতে অইন আটাৰ দৰে আটাখিনি নোহোৱা দেখি ঘৰৰ সকলোৱে আচৰিত হৈ পৰে। পিছত  আটাখিনি পানীত মিহলাই চেকি পোলোৱাত অৱশিষ্ট ডাঠ প্লাষ্টিক জাতীয় বস্তু দেখা পাই শংকিত হৈ পৰে সাহানুৰৰ পৰিয়াল তথা গাওঁবাসী। টানিলে ৰবৰৰ দৰে দীঘল হয় অৱশিষ্ট বস্তুখিনি। ৰবৰৰ দৰে দীঘল হোৱা বস্তুখিনি প্ৰকৃততে প্লাষ্টিক নে দেহত ক্ষতি কাৰক অইন কিবা দ্ৰব্য তাক লৈ চিন্তিত ভুক্তভোগী পৰিয়াল। লগতে একেখন গাঁৱৰ জগদীশ ৰায়ৰ পত্নীয়ে ভেজাল আটাৰ ৰুটি খাই অসুস্থ অনুভৱ কৰাৰ কথা সাংবাদিকৰ আগত  মন্তব্য কৰে।

আটাৰ লগত প্লাষ্টিক সদৃশ বস্তুৰ সংমিশ্ৰণৰ দৃশ্য চা‌‌লে হয়তো আপোনাৰো চকু কপালত উঠিব। বজাৰত ঊপলব্ধ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ধপধপীয়া বগা ৰঙৰ আটাৰ নামত আমি খাইছো নেকি  বৰবিষ? ইয়াকে লৈ চিন্তিত গ্ৰাহক, চিন্তিত সচেতন মহল। এইবাৰ SAKAMBARI FLOUR MILLS PVT.LTD নামৰ পশ্চিম বংগৰ এটি ব্যক্তিগত কোম্পানীয়ে বজাৰে বজাৰে প্লাষ্টিক জাতীয় বস্তু সংমিশ্ৰণ থকা ভেজাল আটা ৰপ্তানি কৰাৰ অভিযোগ উত্থাপন হৈছে। গতিকে এনে কোম্পানীক নাকি লগাবলৈ ৰাইজে যোগান বিভাগ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে।
Published by: Kokil Sarma
First published: August 2, 2021, 12:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি