সঁচাকৈ মাৰোৱাৰীৰ গুদামৰ পৰা আহিছিল নেকি ধান? অপমানবোধ কৰি CAA সমৰ্থনকাৰীক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও কৰিলে চাচনীবাসীয়ে

লুৰিণজ্যোতি আৰু আছুৰ এইটো এটা public relation photo shoot আখ্যা দিয়াৰ পিছত ক্ষুব্ধ চাচনিবাসী।
লুৰিণজ্যোতি আৰু আছুৰ এইটো এটা public relation photo shoot আখ্যা দিয়াৰ পিছত ক্ষুব্ধ চাচনিবাসী।
- News18 Assam
- Last Updated: January 23, 2020, 12:25 PM IST
বিশ্বজিত নাথ আৰু দেৱজ্যোতি বৰুৱা নামৰ দুগৰাকী ব্যক্তিয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা বিতৰ্কিত পোষ্টৰ পিছতে উত্তাল হৈ পৰে নাহৰকটীয়া। দুয়োগৰাকী ব্যক্তিয়ে চাচনীবাসীক অপমান কৰাৰ অভিযোগ কৰি, আছুক চাউল যোগান ধৰা প্ৰসংগত ব্যক্তিদুগৰাকীয়ে কৰা নিকৃষ্ট কাৰ্যক এনেমুখে ধিক্কাৰ দি নিশাই স্থানীয় লোকে থানা ঘেৰাও কৰি অতি শীঘ্ৰে লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
উল্লেখযোগ্য যে চাচনীত আছুৱে অনুষ্ঠিত কৰা কা বিৰোধী এক সভাত বৃহত্তৰ চাচনী মৌজাৰ ৮৪ খন গাওঁ ৰ ৰাইজে কাৰ বিৰুদ্ধে আইনী যুঁজত সহায় কৰিবলৈ লুৰিণ জ্যোতি গগৈক প্ৰদান কৰিছিল ৩৫০ কুইণ্টলৰো অধিক ধানৰ মূল্য আৰু নগদ ৮০ হাজাৰৰো অধিক ধন।