ৰাভা হাছঙৰ শেহতীয়া চৰকাৰবিৰোধী আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

News18 Assam | News18-Assam
Updated:October 23, 2020, 4:36 PM IST
ৰাভা হাছঙৰ শেহতীয়া চৰকাৰবিৰোধী আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ
দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ সৈতে আছুৰ দুই নেতাই এখন বৈঠকত মিলিত হয়৷

দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ সৈতে আছুৰ দুই নেতাই এখন বৈঠকত মিলিত হয়৷

  • Share this:
বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে ৰাভা জনগোষ্ঠীক ষড়যন্ত্ৰৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত তথা প্ৰাপ্য সাংবিধানিক মৰ্যাদা লাভৰ বাবে ৰাভা জাতীয় সংগঠনসমূহে আৰম্ভ কৰা সংগ্ৰামক পূৰ্ণ সমৰ্থন আগবঢ়াব সদৌ অসম ছাত্ৰ সন্থাই৷ বিজেপি চৰকাৰখনে ৰাভাসকলৰ বিৰুদ্ধে কৰি অহা বৈষম্যমূলক আচৰণৰ প্ৰতিবাদত ইতিমধ্যে আৰম্ভ কৰা আন্দোলনৰ বুজ লোৱাৰ উদ্দেশ্য বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ তথা সম্পাদক লুৰিণজ্যোতি গগৈ দুধনৈত উপস্থিত হোৱাৰ পিছতে এই ঘোষণা কৰে আছু নেতাদ্বয়ে৷

দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ সৈতে আছুৰ দুই নেতাই এখন বৈঠকত মিলিত হয়৷ বৈঠকত দুয়োগৰাকী ছাত্ৰ নেতাই ৰাভা সংগঠনসমূহৰ সৈতে আন্দোলন সন্দৰ্ভত মত বিনিময় কৰে৷

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত আছু সভাপতি দীপাংক নাথে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় - এই চৰকাৰখনে ৰাভা জনগোষ্ঠীক প্ৰতিটো ক্ষেত্ৰতে বঞ্চনা কৰি আহিছে৷ সাংবিধানিক মৰ্যাদা দিয়াৰ পৰিৱৰ্তে ৰাজধানী সম্প্ৰসাৰণৰ নামত ৰাভাসকলৰ মাটি কাঢ়ি লোৱাৰ চেষ্টা কৰিছে এই চৰকাৰখনে৷ ৰাভা হাছং আন্দোলনৰ প্ৰতিটো ইছ্যুৰ প্ৰতি আছুৰ সমৰ্থন আছে৷

আনহাতে, অলপতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰেই 'কা' বলৱৎ কৰা হ’ব বুলি কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে কোনো কাৰণতে 'নাগৰিকত্ব সংশোধনী আইন'গ্ৰহণ কৰা নহ’ব৷ চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে ভয়াৱহভাৱে আন্দোলন গঢ়ি তোলা হ'ব ৷ ৰাজপথৰ সংগ্ৰামৰ উপৰি আইনী যুঁজ চলিব৷ তাৰ লগে লগে ৰাজনৈতিকভাৱেও চৰকাৰক ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিব লাগিব৷ এই আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব, আন্দোলন শক্তিশালী হ'ব৷ ৰাভা হাছঙত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয় ৰাইজ তথা খিলঞ্জীয়া ৰাইজে বৰ্তমানৰ চৰকাৰখনৰ চৰিত্ৰৰ বিষয়ে উপলব্ধি কৰা উচিত বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে৷
Published by: Sanjay Kumar Das
First published: October 23, 2020, 4:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading