உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বৃহৎ নদীবান্ধ নিৰ্মাণ’

    ‘কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বৃহৎ নদীবান্ধ নিৰ্মাণ’

    শুকুৰবাৰে অসম চৰকাৰে NHPCৰ সৈতে সম্পাদন কৰে এখন চুক্তি।

    শুকুৰবাৰে অসম চৰকাৰে NHPCৰ সৈতে সম্পাদন কৰে এখন চুক্তি।

    শুকুৰবাৰে অসম চৰকাৰে NHPCৰ সৈতে সম্পাদন কৰে এখন চুক্তি।

    • Share this:
      বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ স্বত্বেও আকৌ আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম–কাজ। শুকুৰবাৰে অসম চৰকাৰে NHPCৰ সৈতে সম্পাদন কৰে এখন চুক্তি। শীঘ্ৰে গেৰুকামুখত NHPC কৰ্তৃপক্ষই আৰম্ভ কৰিব বহুদিন ধৰি বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাকী থকা কাম–কাজ।

      কিন্তু নামনি সোৱণশিৰি প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পাছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই বৃহৎ নদী বান্ধৰ বিৰোধীতাৰে লখিমপুৰ আৰু ধেমাজী জিলাত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। অসমৰ জনমতক নস্যাৎ কৰি দিল্লী আৰু অসম চৰকাৰৰ তৎপৰতাত গেৰুকামুখ প্ৰকল্পৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ তুলিছে সংগঠনটোৱে।

      শনিবাৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই  সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, অসমৰ জনগণৰ কথা চিন্তা নকৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ যুক্তি সমূহ নস্যাৎ কৰি অসমৰ সোণোৱাল চৰকাৰখনে ৰাইজক অন্ধকাৰত থৈ এই চুক্তি সম্পাদন কৰিছে।তেওঁ কয়, ‘’নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কে অসমৰ বিশেষজ্ঞ সমিতি আৰু ২৯ টা জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা আধৰুৱা কৰি বৃহৎ নদীবান্ধৰ কাম আগবঢ়োৱাৰ কথা ভাবিছে।‘’ তেওঁ ‘বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আছুৱে সদায় এই কাৰ্যৰ বিৰোধিতা কৰি যাব’ বুলিও স্পষ্ট কৰি দিয়ে।
      First published: