মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন, হিয়াৰ আমঠুগৰাকীৰ নামত আছুৱে বিচাৰিছে ৰে’লৱে ষ্টেচন, দিল্লীত সাংস্কৃতিক প্ৰকল্প

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন, হিয়াৰ আমঠুগৰাকীৰ নামত আছুৱে বিচাৰিছে ৰে’লৱে ষ্টেচন, দিল্লীত সাংস্কৃতিক প্ৰকল্প

News18 Assam | News18-Assam
Updated:September 8, 2021, 1:56 PM IST
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন, হিয়াৰ আমঠুগৰাকীৰ নামত আছুৱে বিচাৰিছে ৰে’লৱে ষ্টেচন, দিল্লীত সাংস্কৃতিক প্ৰকল্প
আছুৱে লগতে গুৱাহাটীৰ ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰটো আহল বহলকৈ সৰ্বাংগ সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

আছুৱে লগতে গুৱাহাটীৰ ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰটো আহল বহলকৈ সৰ্বাংগ সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

  • Share this:
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন। হিয়াৰ আমঠুগৰাকীৰ নামত সদৌ অসম ছাত্ৰ সন্থাই কেবাটাও প্ৰকল্প বিচাৰিছে। এই সম্পৰ্কত মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কেবাটাও প্ৰস্তাৱসম্বলিত এখন স্মাৰক পত্ৰ দাঙি ধৰে আছুৰ নেতৃত্বই।

আছুৱে বিচৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ’ল দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সুধাকণ্ঠৰ নামত এটা আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ, অসমৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ ৰে’লৱে ষ্টেচনৰ নাম ভূপেন হাজৰিকাৰ নামত নামাকৰণৰো দাবী তোলে আছুৱে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সকলো সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। ভূপেন হাজৰিকাৰ চিন্তাৰাজিক পৰিকল্পিত গৱেষণাৰ জৰিয়তে ৰাষ্ট্ৰীয় গৱেষণা প্ৰকল্প স্থাপনেৰে আগুৱাই লৈ যোৱাৰ বাবে আহ্বান। এইক্ষেত্ৰত অসমৰ সকলো বিশ্ববিদ্যালয়ত আসন সংৰক্ষণৰ দাবী জনালে আছুৱে।

আছুৱে লগতে গুৱাহাটীৰ ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰটো আহল বহলকৈ সৰ্বাংগ সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। এনেধৰণে ড০ ভূপেন হাজৰিকাক লৈ মুঠ সাতটা প্ৰস্তাৱ দাঙি ধৰে আছু নেতৃত্বই। আছুৰ প্ৰস্তাৱত মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে বুলি জনাই আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল ভট্টাচাৰ্যই।
Published by: Sanjay Kumar Das
First published: September 8, 2021, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি