২০১৯ চনৰ ১১ ডিচেম্বৰত 'কা' আন্দোলনৰ সময়তেই যোৰহাটৰ পৰা কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। তেতিয়াৰে পৰা কাৰাবন্দী অখিল গগৈ বৰ্তমান কোৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। পুত্ৰ কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল মাতৃ প্ৰিয়দা গগৈ। উচ্চ ৰক্তচাপ, মধূমেহকে ধৰি একাধিক ৰোগত আক্ৰান্ত ৮৩ বছৰীয়া প্ৰিয়দা গগৈ যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাট লুখুৰাখন গাঁৱৰ নিজা বাসগৃহত শয্যাগত হৈ আছে।
কাৰাৰুদ্ধ পুত্ৰ অখিল গগৈৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা প্ৰিয়দা গগৈক আজি যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট জিলা যুটীয়া স্বাস্থ্য বিভাগ তথা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া ডাঃ শৰৎ দাসৰ সৈতে এটা চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় চিকিৎসা আগবঢ়ায়। চিকিৎসকৰ দলটোৰ সৈতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ নেতৃত্বত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে কৃষক নেতাজনৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰা বুলি ঘোষণা কৰে। অসম আৰু অসমবাসী ৰাইজৰ স্বাৰ্থত মাত মাতি অহা কৃষক নেতা অখিল গগৈক চৰকাৰে শীঘ্ৰে মুক্তি দিব লাগে বুলি দাবী জনায় আছু নেতাগৰাকীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 20, 2020, 23:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।