জাতিৰ দলিল নাগৰিক পঞ্জীৰ প্ৰসংগ আকৌ আহিছে ৷ এসময়ত NRCৰ খচৰা প্ৰকাশৰ আনন্দত মিঠাই খোৱা সদৌ অসম ছাত্ৰ সন্থাই এতিয়া অনুতাপ কৰিছে NRCক লৈ ৷ সম্প্ৰতি NRCৰ পুনৰীক্ষণ বিচাৰিছে APW,AASU আৰু বৰ্তমানৰ NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷ ঠিকেই, জাতিৰ দলিল NRCৰ পুনৰীক্ষণ বিচাৰিছে আসাম পাব্লিক ৱৰ্কছ, সদৌ অসম ছাত্ৰ সন্থা আৰু NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷
এসময়ত মিঠাই খাই NRCক আদৰা অসম চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিক লৈ উত্থাপন হৈছে বহু কেইটা প্ৰশ্নৰ ৷ যি আছুৱে ৮০লাখ অবৈধ বিদেশীৰ কথা দশক দশক ধৰি কৈ আহিছিল সেই আছু নেতৃত্বই ২০১৮ৰ ৩০জুলাইত প্ৰথমখন খচৰাত ৪০লাখ লোকৰ নাম কৰ্তন হওঁতে দৰ্শোৱা নাছিল বিশেষ আপত্তি ৷
২০১৯ৰ ৩০ আগষ্টলৈকে ১৯ লাখৰ নাম কৰ্তন হোৱালৈকে সন্তুষ্ট আছিল সদৌ অসম ছাত্ৰ সন্থা ৷ ৩০জুলাইত মিঠাই খোৱা আৰু ৩১আগষ্টত হঠাৎ অসন্তুষ্ট হোৱা আছুৰ নেতৃত্বক লৈ আমাৰ হাতত আহি পৰিছে আন কিছু তথ্যও ৷ ২০১৬ চনতে আছুৰ অন্যতম উপদেষ্টা বসন্ত ডেকাই NRCৰ কামৰ ওপৰত উত্থাপন কৰিছিল অভিযোগ ৷ সেই অভিযোগৰ ভিত্তিত আনকি তদন্তও হৈছিল ৷ কিন্তু আমাৰ হাতত থকা তথ্য মতে, তদন্তৰ পিছতো দূৰ হোৱা নাছিল আঁসোৱাহ ৷ তেনে স্থলত পুনৰীক্ষণৰ বাবে কিয় ৰৈ আছিল আছু? সততে জাতিক ভালপোৱা সকলোৱে জানিব খুজিছে আছুৱে বৰ্তমানৰ সমন্বয়কৰ সৈতে NRCক লৈ কিবা আলোচনা কৰিছেনে? আছুৱে কিহৰ ভিত্তিত বিচাৰিছে পুনৰীক্ষণ?
NRCৰ বহু আঁসোৱাহৰ কথা জানিও তদানীন্তন NRCৰ সমন্বয়কো আছিল নিশ্চুপ ৷ আতাইতকৈ ডাঙৰ কথাটো হ'ল, NRCৰ ফেমিলী ট্ৰী ভেৰিফিকেশ্যনৰ ছফ্টৱেৰ প্ৰস্তুত কৰা মেচাৰ্চ বহ্নিমান ছিষ্টেম প্ৰাঃ লিমিটেডে প্ৰতীক হাজেলাৰ নিৰ্দেশমতে আপলোড হোৱা ফাইল চাব নোৱাৰা কৰি ৰাখিছিল ৷ ভুল হ'লেও তাত নাছিল শুধৰণিৰ পথ ৷ যি কথা ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দিয়া শপতনামাৰ ১৫নম্বৰ পেৰাগ্ৰাফত উল্লেখ কৰিছে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷
ইয়াৰ মাজতে আন এক বৃহৎ প্ৰশ্নও আহিছে। ২ৰ পৰা আঢ়ৈ লাখ লোকৰ ARN নম্বৰ ক'ত পাইছিল আছুৱে? যি ARN নম্বৰ লৈ আছুৱে কৰিছিল সেই সময়ত OBJECTION.... এয়া আমাৰ প্ৰশ্ন নহয়, জাতিক ভালপোৱা প্ৰত্যেক অসমীয়াৰহে!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|