মানৱীয়তাৰ খাতিৰত অপহৃত দুই বিষয়াক মুক্তি দিয়ক, আলফা স্বাধীনক অনুৰোধ সদৌ অসম ছাত্ৰ সন্থাৰ

News18 Assam | News18-Assam
Updated:February 20, 2021, 9:22 PM IST
মানৱীয়তাৰ খাতিৰত অপহৃত দুই বিষয়াক মুক্তি দিয়ক, আলফা স্বাধীনক অনুৰোধ সদৌ অসম ছাত্ৰ সন্থাৰ
সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আছুৰ সভাপতিগৰাকীয়ে কুইপৰ কৰ্তৃপক্ষৰ বাবেই এই দুই বিষয়াৰ জীৱন বিপদাপন্ন হৈছে বুলিও মন্তব্য কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আছুৰ সভাপতিগৰাকীয়ে কুইপৰ কৰ্তৃপক্ষৰ বাবেই এই দুই বিষয়াৰ জীৱন বিপদাপন্ন হৈছে বুলিও মন্তব্য কৰে।

  • Share this:
"মানৱীয়তাৰ খাতিৰত কুইপৰ দুই গৰাকী বিষয়াক মুকলি কৰি দিয়ক"- নগাঁৱত আজি সংবাদমেলৰ জৰিয়তে আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে। চৰকাৰৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছতে অপহৃত দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰামকুমাৰক আলফা(স্বাধীন) আৰু এনএছচিএন(কে)ৰ নেতৃত্বই  ২২ফেব্ৰুৱাৰীত চৰম শাস্তি বিহাৰ কথা ঘোষণা কৰাৰ পিছতে সশস্ত্ৰ সংগঠনকেইটাৰ নেতৃত্বক এই অনুৰোধ জনাই ছাত্ৰ সন্থাৰ নেতৃবৃন্দই।

সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আছুৰ সভাপতিগৰাকীয়ে কুইপৰ কৰ্তৃপক্ষৰ বাবেই এই দুই বিষয়াৰ জীৱন বিপদাপন্ন হৈছে বুলিও মন্তব্য কৰে। আছুৰ সভাপতিগৰাকীয়ে কুইপৰ কৰ্তৃপক্ষক এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰি কয় "তেঁওলোকে ইমান দিনে এই দুগৰাকী বিষয়াৰ মুক্তিৰ বাবে কোনো পদক্ষেপ ন'ললে। পৰিণতিত আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে।"

আছুৰ নগাঁও জিলা সমিতিৰ সভাপতি গৌৰীশংকৰ শইকীয়া আৰু অমৰজ্যোতি ফুকনক লগত লৈ অনুষ্ঠিত কৰা এই সংবাদমেলতে আছুৰ নেতৃত্বই অপহৃত দুই বিষয়াৰ পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি মানৱীয়তাৰ দোহাই খাতিৰত দুয়োগৰাকী বিষয়াক মুকলি কৰি দিবলৈ অনুৰোধ জনায়।
Published by: Himangshu Bhuyan
First published: February 20, 2021, 9:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি