
বৃহস্পতিবাৰে নিশা আইনত পৰিণত হ’ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কত
বৃহস্পতিবাৰে নিশা আইনত পৰিণত হ’ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কত
সংসদৰ উচ্চ আৰু নিম্ন সদনত গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ কৰাৰ পিছত আইনত পৰিণত হ’ল। আইনত পৰিণত হোৱাৰ পিছতে অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিলে আইনী যুঁজ। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আছু। দিল্লীত ইতিমধ্যে উপস্থিত হৈছে আছুৰ সভাপতি–সাধাৰণ সম্পাদক। ইফালে CABলৈ অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া। CABৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ হুংকাৰ। উত্তৰ পূব খিলঞ্জীয়া মঞ্চৰ হৈ উচ্চতম ন্যায়ালয়ত তৰিব গোচৰ
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|