হিমন্ত বিশ্বৰ প্ৰত্যাহ্বান গ্ৰহণ সমুজ্জ্বল ভট্টাচাৰ্যৰ, কিন্তু লাগিব প্ৰধানমন্ত্ৰী মোদীক

News18 Assam | News18-Assam
Updated:December 28, 2019, 10:46 AM IST
হিমন্ত বিশ্বৰ প্ৰত্যাহ্বান গ্ৰহণ সমুজ্জ্বল ভট্টাচাৰ্যৰ, কিন্তু লাগিব প্ৰধানমন্ত্ৰী মোদীক
Source-Google

টুইটাৰ যোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ত বিজেপিৰ সৈতে ৰাজহুৱা বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

  • News18 Assam
  • Last Updated: December 28, 2019, 10:46 AM IST
  • Share this:
জাতি ধবংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ়ি তুলা হৈছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে  প্ৰৱল জনমত। সেইসময়তে টুইটাৰ যোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ত বিজেপিৰ সৈতে ৰাজহুৱা বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

সমুজ্জ্বল ভট্টাচাৰ্যই এতিয়া গ্ৰহণ কৰিছে মন্ত্ৰী শৰ্মাৰ প্ৰত্যাহ্বান। সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, ‘ আছু সদায় সাজু মুকলি বিতৰ্কলৈ। কিন্তু উপস্থিত থাকিব লাগিব প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু যদিহে লগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব  আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে, তাত আছুৰ নেতৃত্বৰ আপত্তি নাই।
Published by: Himangshu Bhuyan
First published: December 28, 2019, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading