‘‘আমি অপ্ৰীতিকৰ পৰিৱেশ নিবিচাৰো৷ আমি শান্তিপূৰ্ণভাৱে উচ্ছেদ হোৱাটো বিচাৰো৷ এয়া নতুন কথা নহয়৷ ছিপাঝাৰৰ ধলপুৰ গৰুখুটিৰ উচ্ছেদৰ দাবীত ২০১৬ চনৰ ৩১ আগষ্টত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলো৷ ধলপুৰ কাণ্ডৰ দুদিন পিছত এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷
ৰাজ্য চৰকাৰলৈ আছুৰ আহ্বান, ‘‘উচ্ছেদ হওক আপত্তি নাই কিন্তু শান্তিপূৰ্ণভাৱে হ’ব লাগিব৷ দীৰ্ঘদিনে আছুয়ে কৰি অহা প্ৰতিবাদ–আন্দোলনৰ স্থায়ী সমাধান হওক৷ তাৰ বাবে চৰকাৰে ৰক্তক্ষয় নহোৱাকৈ শান্তিপূৰ্ণভাৱে আগবাঢ়ক৷’’
অৱশ্যে, একে সময়তে এগৰাকী ফটোগ্ৰাফাৰে ঢলি পৰা লোকৰ ওপৰত জঁপিয়াই পৰা দৃশ্য সঁচাকৈ অমানৱীয় বুলি মন্তব্য কৰে সমুজ্জ্বল ভট্টাচাৰ্যই৷ এনে ঘটনাও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য ভট্টাচাৰ্যৰ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 26, 2021, 17:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।