বৰপেটাত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ। বৰপেটাৰ পাঁচ আলি চ’কত শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিকৃতি দাহ কৰিলে বৰপেটা জিলা ছাত্ৰ সন্থাই ৷
সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত মাজনিশা ছেবাই পৰীক্ষা বাতিলক লৈ বৰপেটা আছুৱে আজি ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছেবাই জাতীয় দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ লগতে গ্ৰহণযোগ্যতা হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰে। ছেবাৰ ভিতৰৰ পৰাই প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ তুলি এইক্ষেত্ৰত অধ্যক্ষগৰাৰীক বৰ্খাস্তৰ দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাই ৷
বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :