সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পকে ধৰি অসমক ক্ষতি কৰিব পৰা বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
সোণাৰি নগৰৰ মাজ মজিয়াত থকা লাচিত উদ্যানৰ সন্মুখত ৰূপায়ণ কৰা হয় এই বিক্ষোভ কাৰ্যসূচী। পুৱা এঘাৰ বজাৰ পৰা ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদকৰ নেতৃত্বত শতাধিক ছাত্ৰ সন্থা কৰ্মীয় অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সোণাৰিৰ আকাশ-বতাহ কঁপাই তোলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 25, 2021, 15:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।