BJPৰ ৰাজ্যিক সভাপতিৰ গৃহ সমষ্টিত AASUৰ উত্তাল প্ৰতিবাদ । ৰঙিয়াৰ ৰাজপথত দুচকীয়া-চাৰিচকীয়া বাহন ঠেলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অৰ্ধ শতাধিক আছু কৰ্মীয়ে ।
প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে বাধা দিলে আছু কৰ্মীক । এই লৈ আছু-আৰক্ষীৰ মাজত তীব্র বাক-বিতণ্ডা । অৰ্ধ শতাধিক আছু কৰ্মীক আটক নিলে ৰঙিয়া থানালৈ । বৃহস্পতিবাৰে ৰঙিয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ । ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখৰ পৰা ৰাজপথত দুচকীয়া-চাৰিচকীয়া বাহন ঠেলি তীব্ৰ প্ৰতিবাদ আছুৰ। 'পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, অচ্ছে দিন অহা নাই, বিজেপি চৰকাৰ হায় হায়, আছু জিন্দাবাদ' আদি ধ্বনিৰে প্ৰতিবাদী সমদলটো ৰঙিয়া থানা ৰোডেৰে গৈ থাকোতে আৰক্ষীয়ে বাধা দিয়ে আছু কৰ্মীসকলক । এই লৈ আছু-আৰক্ষীৰ মাজত তীব্র বাক-বিতণ্ডাৰ সৃষ্টি হয় । আৰক্ষীয়ে পিছত অৰ্ধ শতাধিক আছু কৰ্মীক আটক কৰি থানালৈ লৈ আহে । ৰঙিয়া আৰক্ষীৰ এনে কাৰ্যক ৰঙিয়া আঞ্চলিক ছাত্র সন্হাই তীব্ৰ গৰিহণা দি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । উল্লেখ্য যে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কামৰূপ জিলা ছাত্র সন্থাৰ কেইবাজনো নেতাকো আৰক্ষীয়ে আটক কৰে ।
Published by: Kokil Sarma
FIRST PUBLISHED : July 29, 2021, 14:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।