உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াত ৰে’ল বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ, থলুৱাক বঞ্চনা কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ ক্ষোভ

    ৰঙিয়াত ৰে’ল বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ, থলুৱাক বঞ্চনা কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ ক্ষোভ

    প্ৰতিবাদকাৰী সকলে ৰে’ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে সংসদত অসমৰ সাংসদ সকলক মাত মতাৰ আহ্বান জনায়।

    প্ৰতিবাদকাৰী সকলে ৰে’ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে সংসদত অসমৰ সাংসদ সকলক মাত মতাৰ আহ্বান জনায়।

    প্ৰতিবাদকাৰী সকলে ৰে’ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে সংসদত অসমৰ সাংসদ সকলক মাত মতাৰ আহ্বান জনায়।

    • Share this:
      ৰঙিয়াত ৰে’ল বিভাগৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। ৰঙিয়া ৰে’ল মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলৰ প্ৰতিমূৰ্তি দাহ আছু কৰ্মীৰ। অসমত ৰে’ল বিভাগত থলুৱাক বঞ্চনা কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।

      ৰে’ল বিভাগ আৰু ৰেলমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তপ্ত কৰি তোলে। প্ৰতিবাদকাৰী সকলে ৰে’ল বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে সংসদত অসমৰ সাংসদ সকলক মাত মতাৰ আহ্বান জনায়। লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক লৈ এখন সুকীয়া ৰে’ল নিয়োগ মণ্ডল গঠন কৰাৰ দাবী জনায়।

      উল্লেখযোগ্য যে যে ৰঙিয়াকে ধৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেত মুঠ ১৮০টা পদত বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়া হৈছে। থলুৱা নিবনুৱাক বঞ্চনা কৰি এনেদৰে বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে সোমবাৰে আছুৱে ৰে’ল বিভাগত তৃতীয় আৰু চতুৰ্থ পদত এশ শতাংশ থলুৱা নিবনুৱাক নিযুক্তি দিবলৈ দাবী জনায়।
      Published by:Sanjay Kumar Das
      First published: