দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ছাত্র সন্থাই ৰূপায়ন কৰে মৌন প্ৰতিবাদী কাৰ্যসূচী।
দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ছাত্র সন্থাই ৰূপায়ন কৰে মৌন প্ৰতিবাদী কাৰ্যসূচী।
ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত আজি নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত নুনমাটি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় লোকৰ সহযোগত মৌন প্ৰতিবাদ সাব্যস্ত কৰে। মৌন প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ–ফেষ্টুন আদি লৈ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰা, দলবদ্ধ আক্ৰমণ প্ৰতিৰোধ আইন প্রযোজ্য কৰা, ৰাইজৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আদি দাবী তোলে।
বুধবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ছাত্র সন্থাই ৰূপায়ন কৰে মৌন প্ৰতিবাদী কাৰ্যসূচী।উল্লেখ্য যে, ১২ জুনত নুনমাটি হাইস্কুলৰ বিপৰীতে দিশত থকা আৰমান হোম ফাৰ্নিছিঙত পাঁচজনকৈ দুৰ্বৃত্তই ঋতুপৰ্ণ পেগু নামৰ যুৱকজনক চুৰিৰে হানি–খুচি নৃশংসভাৱে হত্যা কৰিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|