হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়া ভ্ৰমণক লৈ প্ৰতিবাদমুখৰ আছু, ক’লা পতাকাৰ সন্মুখীন হ’ব লাগিব মন্ত্ৰীগৰাকী

News18 Assam | News18-Assam
Updated:February 22, 2021, 1:59 PM IST
হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়া ভ্ৰমণক লৈ প্ৰতিবাদমুখৰ আছু, ক’লা পতাকাৰ সন্মুখীন হ’ব লাগিব মন্ত্ৰীগৰাকী
নাহৰকটীয়াত চাৰিটাকৈ কাৰ্যসূচীত অংশ ল’বলৈ অহা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যেনিয়ে যায় তেনিয়ে যেন ক’লা পতাকাৰ সন্মুখীন হ'ব সেয়া স্পষ্ট।

নাহৰকটীয়াত চাৰিটাকৈ কাৰ্যসূচীত অংশ ল’বলৈ অহা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যেনিয়ে যায় তেনিয়ে যেন ক’লা পতাকাৰ সন্মুখীন হ'ব সেয়া স্পষ্ট।

  • Share this:
সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধাৰবাহিক প্ৰচাৰ অভিযানৰ উদ্দেশ্যৰে আজি নাহৰকটীয়াত উপস্থিত হ'ব মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ড° হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়া ভ্ৰমণক কেন্দ্ৰ কৰি প্ৰতিবাদমুখৰ হৈ পৰিছে আছু। নাহৰকটীয়াৰ চাচনীত মন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ লগে লগে নাহৰকটীয়া, চাচনী, নামৰূপ আদি অঞ্চলত আছু কৰ্মীসকলে ক’লা পতাকা, ক’লা বেলুন উৰুৱাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব আছু কৰ্মীসকলে।

ইতিমধ্যে নাহৰকটীয়া, নামৰূপত বিজেপিৰ পতাকাৰ সমান্তৰালভাৱে আছুৱে উৰুৱাইছে ক’লা পতাকা। উল্লেখ্য যে নাহৰকটীয়াত চাৰিটাকৈ কাৰ্যসূচীত অংশ ল’বলৈ অহা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যেনিয়ে যায় তেনিয়ে যেন ক’লা পতাকাৰ সন্মুখীন হ'ব সেয়া স্পষ্ট।
Published by: Sanjay Kumar Das
First published: February 22, 2021, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি