உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাহৰকটীয়াত বুঢ়ীদিহিং নৈৰ খহনীয়াই উছন কৰিছে ইখনৰ পিছত সিখন গাঁও, চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ 

    নাহৰকটীয়াত বুঢ়ীদিহিং নৈৰ খহনীয়াই উছন কৰিছে ইখনৰ পিছত সিখন গাঁও, চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ 

    বিগত কেইবাবছৰো উত্তম মাটিবাসীয়ে খহনীয়াৰ কবলত পৰি অহাৰ লগতে বিগত বছৰকেইটাত বুঢ়ীদিহিং নৈৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়াল ভেটি–মাটি।

    • Share this:
    নাহৰকটীয়াত আছুৰ উত্তাল প্ৰতিবাদ। উত্তম মাটিৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। উল্লেখযোগ্য যে বুঢ়ীদিহিং নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত এতিয়া উজাগৰী নিশা পাৰ কৰিবলগা হৈছে নাহৰকটীয়াৰ উত্তম মাটিৰ বাসিন্দাসকলে। বিগত কেইবাবছৰো উত্তম মাটিবাসীয়ে খহনীয়াৰ কবলত পৰি অহাৰ লগতে বিগত বছৰকেইটাত বুঢ়ীদিহিং নৈৰ বুকুত জাহ গৈছে কেইবাটাও পৰিয়াল ভেটি–মাটি।

    ইয়াৰ পিছতো কাণসাৰ নাই জলসম্পদ বিভাগৰ। আনকি বুঢ়ীদিহিং নৈৰ খহনীয়াৰ ফলত ঘৰ–বাৰী এৰি এতিয়া অন্য ঠাইলৈ পলায়ন কৰিব লগা হৈছে গাঁওবাসীয়ে। যাৰ পৰিপেক্ষিতত শুকুৰবাৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় লোকৰ সহযোগত বুঢ়ীদিহিং নৈৰ পাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যদিহে বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গাঁওখনৰ অধিকাংশ লোকৰ ঘৰ–মাটি  বুঢ়ীদিহিং নৈৰ কালৰূপী খহনীয়াত জাহ যাব সেয়া নিশ্চিত হৈ পৰিছে ।
    Published by:Sanjay Kumar Das
    First published: