মধ্য অসমৰ আয়ুসৰেখা স্বৰূপ কলং নৈত অবাধ গতিত চলা বেদখলৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা। আজি সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়িত কৰি কলং বেদখলমুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনায়। সংগঠনটোৰ সদস্যসকলে লগতে কয় যে এচাম সন্দেহযুক্ত নাগৰিকে নগাঁও চহৰৰ মাজৰে বৈ যোৱা কলং নৈৰ ওপৰত নিৰ্মাণকাৰ্য চলাই নৈখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে। সেয়ে অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলাই কলং নৈক বেদখলমুক্ত কৰিব লাগে।
আনহাতে, সংগঠনটোৰ সদস্যসকলে নগাঁও চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰাৰ লগতে সমগ্ৰে চহৰখনকে আৱৰ্জনামুক্ত কৰাৰো দাবী তোলে। সংগঠনটোৰ সদস্যসকলে সকলো শিক্ষকৰে ৰেপিড এণ্টিজেন টেষ্ট কৰাৰো দাবী তোলে নগাঁও জিলা প্ৰশাসনক। ছাত্ৰ সন্থাৰ সদস্যসকলে এই সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, কলং নৈত হোৱা অবাধ বেদখল সন্দৰ্ভত News18ত ১০ আগষ্টত বাতৰিও সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছতে আজি ছাত্ৰ সন্থাই কলং বেদখলমুক্ত কৰাৰ আহ্বানেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ অকৰ্মণ্যতাকো তীব্ৰ গৰিহণা দিয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 18, 2020, 22:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।