আলু–পিঁয়াজকে আৰম্ভ কৰি কেঁচা শাক–পাচলিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ৷
আলু–পিঁয়াজকে আৰম্ভ কৰি কেঁচা শাক–পাচলিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ৷
ৰাজ্যত অত্যধিক হাৰত বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য৷ মূল্য নিয়ন্ত্ৰণত নীৰৱ ৰাজ্য চৰকাৰৰ৷ মূল্য নিয়ন্ত্ৰণৰ শ্লোগান দি শাসনৰ গাদীলৈ অহা চৰকাৰখন বিগত চাৰি বছৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কোনো এবিধ সামগ্ৰীৰ দাম৷ যাৰ বিৰুদ্ধে অতিষ্ঠ সৰ্বসাধাৰণ লোক৷ তথাপি চৰকাৰখনৰ কোনো ভ্ৰুক্ষেপ নাই৷ তাৰ মাজতে মঙলবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ৷ জজ খেলপথাৰৰ সন্মুখত সংগঠনটোৰ প্ৰায় শতাধিক সদস্যই সাব্যস্ত কৰিলে প্ৰতিবাদ৷
আলু–পিঁয়াজকে আৰম্ভ কৰি কেঁচা শাক–পাচলিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ৷ হাতত থাল, গিলাচ, বাতি লৈ প্ৰতিবাদত অংশগ্ৰহণ প্ৰতিবাদকাৰীৰ৷ লগতে পিঁয়াজ, আলু, পটল, বেঙেনাৰ মালা পিন্ধিলে প্ৰতিবাদকাৰীয়ে৷ ইমানে নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মুখা পিন্ধি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|